২৬ ফেব্ৰুৱাৰীত লাহোৰত অনুষ্ঠিত হোৱা ICC Champions Trophyত ইংলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ চমকপ্ৰদ জয়ৰ পাছত সামাজিক মাধ্যমত এখন ফটো ভাইৰেল হৈছে। দাৱী কৰা অনুসৰি জয়ৰ পাছত আফগানিস্তানৰ অনুৰাগী এজনে ভাৰত আৰু আফগানিস্তানৰ পতাকা জোকাৰি অভিবাদন দিছিল। অনুৰাগীজনে এখন বেনাৰ লৈ আছিল, তাত দুখন হাতেৰে দুখন পতাকা ধৰি থকা দেখা গৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন পোষ্ট কৰি কেপচনত লিখিছে:
INDIA 🤝 AFGHANISTAN
– লাহোৰৰ আজিৰ মেচত আফগান অনুৰাগীয়ে ভাৰত আৰু আফগানিস্তানৰ পতাকা উৰুৱাইছে। ❤️🫶

পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ৰিৱাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ২০২৪ চনৰ ২৫ জুনৰ নিউজ ১৮ৰ এটা বাতৰি ত একেখন ফটো দেখা পালো। বাতৰিটোত প্ৰকাশ কৰা অনুসৰি ফটোখন ২০২৪ত ৱেষ্ট ইণ্ডিডজত অনুস্থিত হোৱা ICC T20 Worldৰ সময়ৰ, আফগানিস্তানে বাংলাদেশৰ বিৰুদ্ধে জয় সাব্যস্ত কৰাৰ সময়ৰ।

অবশ্যে X (পূৰ্বে টুইটাৰ)ৰ ফটোখন সুক্ষ্মভাবে নিৰীক্ষণ কৰাত এইখন ২০২৩ৰ পুৰুষৰ ক্ৰিকেট ৱৰ্ল্ড কাপৰ ৱাটাৰ মাৰ্ক থকা গ’ল, এয়া স্পষ্ট হোৱাৰ পাছত ফটোখন ভাৰতৰো হ’ব পাৰে বুলি ভবাৰ থল আছে।।

নিউজ মোবাইলে সাংবাদিক জাফাৰ হান্দে ২০২৩ৰ ৭ নবেম্বৰত প্ৰচাৰ কৰা এটা পোষ্ট লাভ কৰে। তাত ফটোখন ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২০২৩ বিশ্ব কাপৰ আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত মেচখনৰ সময়ৰ বুলি ঠাৱৰ কৰিব পৰা গ’ল। ফটোখনৰ কেপচনত লিখিছিল “মুম্বাইত অনুষ্ঠিত #AFGvAUS আজিৰ দৰ্শকৰ ভিৰ।”

নিউজ মোবাইল ৰ দলে খেলখনৰ ফুটেজৰ কী ফ্ৰেম সংগ্ৰহ কৰি ৰিজাই চোৱাৰো চেষ্টা কৰিছিল কিন্তু সম্প্ৰতি এই খেলখন ইউটিউবৰ পৰা নোহোৱা কৰি দিয়া হৈছে। ইয়াৰোপৰি, ৱাংখাৰে ষ্টেডিয়ামলৈ গৈ ভিডিও সংগ্ৰহ কৰা এজন ইউ টিউবাৰৰ এটা ব্লগত দেখুওৱা ভিডিওৰ সৈতে ভাইৰেল ফটোখনত দেখা দৰ্শক বহা আসনৰ শাৰী ৰিজাই চোৱাৰ পাছত দুয়োখন ফটোৰ দৰ্শক বহা আসনৰ শাৰী একেই দেখা গ’ল, অৰ্থাৎ ভাইৰেল ফটোখনো যে ৱাংখাৰে ষ্টেডিয়ামৰ সেয়া স্পষ্ট হয়।
এই তথ্যৰ দ্বাৰাই চেম্পিয়ন ট্ৰফীত আফগান অনুৰাগীয়ে ভাৰত-আফগানিস্তানৰ পতাকা উৰুওৱা বুলি কৰা দাবী ভুৱা বুলি স্পষ্ট হয়।

