নতুন দিল্লীত ১৭ ফেব্ৰুৱাৰী, ২০২৫ত এটা ৪.৫ মেগ্লিটিউডৰ ভূমিকম্পই জোকাৰি যায়। ইয়াৰ অভিকেন্দ্ৰ দিল্লীৰ ধৌলা খানৰ আশে-পাশে বুলি ঠাৱৰ কৰা হৈছে।
তাৰ পাছতেই বাথ টাব এটাৰ পৰা পানী উপচি পৰা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে, দাৱী কৰা হৈছে যে এয়া দিল্লীৰ ভূমিকম্পৰ সময়ৰ দৃশ্য।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।
মূল শব্দ ব্যৱহাৰেৰ অনুসন্ধান কৰাত ২০২১ৰ ১৬ ফেব্ৰুৱাৰীত আপলোড কৰা ইউ টিউব, ভিডিও এটা আমি দেখা পালো। তাৰ শিৰোনামত আছে “জাপানৰ ভূমিকম্পৰ সময়ত বাথ টাবৰ পানী উপচি পৰিছে।”
ভিডিওটোৰ বিৱৰণিত আছে: “ জাপানত সংঘটিত ভূমিকম্পৰ সময়ত ২০(বিংশ) মহলাত থকা অট্টালিকা এটাৰ ঘৰ এটাত পানীৰে পূৰ্ণ হৈ থকা বাথ টাব এটাৰ পৰা পানী নিগৰি পৰা দৃশ্য। ভূমিকম্পৰ সময়ত অট্টালিকাটো কঁপি থকা দৃশ্য ভয়ংকৰ আছিল।”
একেটা ভিডিও ৱেডাৰ চেনেল নামৰ ৱেবছাইট এটাতো ২০২১ চনতে আপলোড কৰা দেখা গ’ল আৰু এই ভিডিওটো জাপানৰ বুলি জানিব পৰা গ’ল।

নিউজ মোবাইলে নিজস্বভাবে ভিডিওটোৰ সবিসেষ সম্পৰ্কে তথ্য উদঘাটন কৰিব নোৱাৰিলে যদিও ভিডিওটো যে দিল্লীৰ ভূমিকম্পৰ নহয়, সেয়া স্পষ্ট হয়।

