দুখন ৰেল সন্মুখা-সন্মুখীকৈ খুন্দা মৰাৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে আজমীৰৰ পৰা অসমলৈ যাত্ৰা কৰা ৰেলখনৰ জয়পুৰৰ সমীপত আন এখন ৰেলৰ সৈতে হোৱা সংঘৰ্ষৰ দৃশ্য এয়া। উল্লেখ কৰা হৈছে যে দুৰ্ঘটনাটোত ১০জনৰ মৃত্যু হোৱাৰ লগতে ৮০জন আঘাতপ্ৰাপ্ত হৈছে।
ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো দি কেপচনত লিখিছে: আজি পুৱা ১২ বজাত আজমীৰৰ পৰা অসমলৈ গৈ থকা ৰেল এখনৰ সৈতে অইন এখন ৰেলৰ সংঘৰংষ হয়, এই ১০জনৰ মৃত্যু হোৱাৰ লগতে ৮০জন আঘাতপ্ৰাপ্ত হৈছে।
ভিডিওটোৰ সৈতে লিখা আছে: জয়পুৰত আন এক দুৰ্ঘটনা

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত একেটা ভিডিও নিউজ মোবাইলৰ দলে আউটলুক আলোচনীৰ ইউটিউব চেনেলত ২০১৯ৰ ১২ নবেম্বৰত আপলোড কৰা দেখা পালে। ভিডিওটোৰ শিৰোনামত আছে: হায়দৰাৱাদৰ কাচেগুড়া ৰেল ষ্টেচনত দুখন ৰেলৰ মাজত হোৱা সংঘৰ্ষৰ দৃশ্য। নিউজ মোবাইলে, ঘটনা সন্দৰ্ভত জানিবলৈ সমাৰ্থক শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত জয়পুৰ বা আজমীৰত কোনো ধৰণৰ দুৰ্ঘটনা হোৱাৰ বাতৰি বা তথ্য লাভ নকৰিলে।
India TV News চেনেলেও ২০১৯ৰ ১১ নৱম্বৰ ঘটনাটোৰ চিচি টিভি ফুটেজ প্ৰচাৰ কৰিছিল। তাৰ বিৱৰণিত লিখিছিল: “হায়দৰাৱাদৰ কাচেগুড়া ৰেল ষ্টেচনৰ সমীপত দুখন ৰেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত কমেও ১২ জন আঘাতপ্ৰাপ্ত হয়। আহতসকলক ওচমানিয়া অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে দুজনক ইতিমধ্যে চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এতিয়ালৈ কোনো লোক মৃত্যু হোৱাৰ বাতৰি পোৱা নাই। ৰেল দুখনৰ এজন ড্ৰাইভাৰ ভগ্নাৱশেষৰ মাজত আবদ্ধ হৈ থকাৰ বাতৰি পোৱা গৈছে।”
The Economic Timesত প্ৰকাশ পোৱা অনুসৰি লিংগাম্পল্লী-ফালাকনুমা মোডেল ট্ৰেন্সপোৰ্ট ছীষ্টেম (MMTS) আৰু কুৰ্ণুল ছেকেন্দ্ৰাবাদ হুন্দ্ৰী ইণ্টাৰচিটি এক্সপ্ৰেছ (১৭০২৮) নামৰ দুখন মন্থৰ গতিৰ ৰেলৰ মাজত ২০১৯ৰ ১১ নৱেম্বৰত কাচেগুড়া ৰেল ষ্টেচনৰ সমীপত মুখামুখী সংঘৰ্ষ হয়। এই দপৰ্ঘটনাত ১২জন লোক আঘাতপ্ৰাপ্ত হয়।
এই তথ্যই স্পষ্ট কৰে যে দুখন ৰেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ঘটনাটো পুৰণি, হায়দৰাৱাদৰ, ৰাজস্থানত সংঘটিত হোৱা দুৰ্ঘটনাৰ নহয়।

