সত্যতা নিৰূপণ: ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাতান্যাহুৱে বাংকাৰৰ ফালে দৌৰি থকাৰ দৃশ্য থকা ভাইৰেল ভিডিওটো ভুৱা

0 232

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নাতান্যাহুৱে দৌৰি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী বহুজনে দাবী কৰিছে ইৰাণৰ মিছাইল আক্ৰমণৰ সময়ত নাতান্যাহুৱে বাংকাৰলৈ দৌৰ মাৰিছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে: “বিপদ যেতিয়া সন্মুখলৈ আহে চৰকাৰ, ক্ষমতা কোনো কামত নাহে, আপুনি ভালদৰে বুজি পাব… ইৰাণে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাতান্যাহুৱে বাংকাৰত লুকুৱাবলৈ বাধ্য হৈছে।

ওপৰৰ পোষ্টটো  ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছচ দিয়াত  নিউজ মোবাইলৰ  দলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ২০২১ৰ ১৩ ডিচেম্বৰত  X যোগে প্ৰচাৰ কৰা এটা ভিডিও লাভ কৰিলে, তাৰ কেপচনত আছে : “মই সদায় আপোনালোকৰ বাবে দৌৰি গৌৰৱ অনুভব কৰোঁ। এই ভিডিওটো আধা ঘণ্টা পূৰ্বে গ্ৰহণ কৰা।”  

আমি ২০২১ৰ ১৩ ডিচেম্বৰৰ আন এটা  বাতৰি  লাভ কৰিলোঁ, বাতৰিটোত একেটা ভিডিও দেখা পোৱা গল। ভিডিওটোৰ বিৱৰণিত লিখা আছে বেনজামিন নাতান্যাহুৱে নীছেটত ভোট দিবলৈ প্ৰতি ঘণ্টাত ২০ কিঃমিঃ বেগত দৌৰিছে।  বাতৰিটোত উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰীজনে প্লেনামত সঠিক সময়ত ভোট দিবলৈ নীছেটৰ কৰিডৰেৰে দৌৰিছিল। ভিডিওটো তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ৰেকৰ্ড কৰিছিল আৰু এই ভিডিওৰ সৈতে মিছাইল আক্ৰমণৰ কোনো সম্পৰ্ক নাই।

এনেদৰেই বেনজামিন নাতান্যাহুৱে বাংকাৰলৈ দৌৰা বুলি দাবী কৰা ভাইৰেল ভিডিওটো যে ভুৱা তথ্যৰ সেয়া প্ৰমাণিত হয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel