সত্যতা নিৰূপণ: বিনিয়োগৰ মঞ্চলৈ আগবঢ়াৰ বাবে আহ্বান জনোৱা সুন্দৰ পিছাইৰ ডিপফে’ক ভিডিওটো বিশ্বাস নকৰিব

0 111

গুগল এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছায়ে গুগল ইনভেষ্ট  শীৰ্ষক বিনিয়োগ মঞ্চত বিনিয়োগ কৰাৰ বাবে আহ্বান জনোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত কোৱা হৈছে যে ২০,০০০ টকাৰ বিনিয়োগ কৰিলে ১,৮০,০০০ টকালৈ ৰিটাৰ্ণ বা লাভ পাব পাৰে। 

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ভিডিওটো সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ভিডিওটো ডিপ ফে’ক প্ৰতিপন্ন হয়।

অতি সুক্ষ্ম ভাৱে ভিডিওটো নিৰীক্ষণ  কৰাৰ পাছত নিউজ মোবাইলৰ  দলে  বক্তাজনৰ কথা কোৱা সময়ৰ ওঁঠচালনাকে ধৰি বহুকেইটা বিসংগতি দেখা পালে।   

ভিডিওটোৰ কীফ্ৰেম ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ৮ জুন ২০২০ তাৰিখে পিছাইৰ নিজা ইউটিউব চেনেলত  প্ৰচাৰ কৰা মূল ভিডিওটো লাভ কৰিলো।  তাত পিছায়ে ২০২০ৰ স্নাতক সকললৈ উদ্দেশ্য কৰি  “আশাৰ বতৰাশীৰ্ষক বক্তৃতা প্ৰদান কৰা বুলি উল্লেখ কৰিছে।

আমি ইয়াৰ মূল ভিডিওটোও লাভ কৰিলো। ইয়াত পিছায়ে পিন্ধা কাপোৰ, তেওঁ  ভাষণ প্ৰদান কৰা স্থান আদি দেখ দেখকৈ ভাইৰেল ভিডিওটোৰ সৈতে মিল আছে। কিন্তু  :২৩মিনিটৰ  ভিডিওটোৰ ক’তোৱেই তেওঁক বিনিয়োগ মঞ্চ সন্দৰ্ভত কোৱা শুনা নগ’ল।

নিউজ মোবাইলো অংশীদাৰ হৈ থকা  Deepfake Analysis Unit (DAU)ৰ জৰিয়তে এটা সুক্ষ্ম অনুসন্ধান কৰা হয়। DAU নামৰ এই সংস্থাটোৱে অত্যাধুনিক প্ৰযুক্তিৰে বিশ্লেষণ কৰি  এই ভিডিওটো যে AIৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে সেয়া ধৰা পেলাবলৈ সক্ষম হয়।

এই তথ্যই প্ৰমাণ কৰে ভাইৰেল হোৱা সুন্দৰ পিছাইৰ  ভিডিওটো ডিপফে’কৰ দ্বাৰা নিৰ্মীত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799