উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়ৰ নেতৃত্বাধীন খণ্ডপীঠত কলকাতাৰ আৰ জে কৰ চিকিৎসা মহাবিদ্যালয়ৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ফটোখনৰ সৈতে কৰা দাবী অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়ৰ পত্নী কল্পনা দাস পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ব্যক্তিগত চিকিৎসক তথা অৰ্থপেডিক ছাৰ্জন ডাঃ এছ পি দাসৰ ভতিজী। মুখ্য ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়ৰ পত্নী থকা ফটোখনে বিশেষ গুৰুত্ৱ লাভ কৰিছে।
ফেচবুক ব্যৱহাৰকাৰী এজনে ফটোখন পোষ্ট কৰি কেপচনত লিখিছে: মুখ্য ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়ৰ ২য় পত্নী কল্পনা দাসৰ বিয়া হৈছিল ২০০৮ চনত। এওঁ ডাঃ এছপি দাসৰ ভতিজী। ডাঃ এছপি দাস মমতা বেনাৰ্জীৰ ওচৰৰ মানুহ… কেনে এক মিলন সূত্ৰ! … চিবিআই/ ইডিৰ পশ্চিমবংগৰ গোচৰবোৰ উচ্চতম ন্যায়ালয়ত পৰি থকাৰ কাৰণ এয়াই নেকি বাৰু?
ফটোখনৰ সৈতে একে ধৰণৰ দাবীৰে বক্তব্যও প্ৰকাশ পাইছে, “উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়ৰ ২য় পত্নী অৰ্থপেডিক ছাৰ্জন তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ব্যক্তিগত চিকিৎসক ডাঃ এছ পি দাসৰ সম্পৰ্কীয়। ইয়াৰোপৰি ন্যায়াধীশ চন্দ্ৰচূড় আৰু অভিষেক বেনাৰ্জীয়ে একেলগে মালয়েছীয়া, বেংককলৈ প্ৰমোদ ভ্ৰমণলৈও গৈছিল! কোনো উদ্দেশ্য নথকাকৈ আপোনালোকক জনাইহে থলো।” অৱশ্যে নিউজ মোবাইলৰ দলে ফটোখনৰ সৈতে কৰা দাৱীৰ কোনো বাতৰি দেখা নাপালে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতানিৰূপন
নিউজমোবাইলৰতৰফৰপৰাউল্লেখিতপোষ্টটোবিশ্লেষণকৰাহৈছিলআৰুএইপোষ্টটোটদাবীকৰাকথাখিনিঅসত্যবুলিপ্ৰমাণহয়।
মূল শব্দ ব্যৱহাৰ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত আমাৰ দলে ‘ল’ টুডে’’ই X ত প্ৰচাৰ কৰা এটা পোষ্ট দেখা পালে। পোষ্টটোত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱায় চন্দ্ৰচূড়ৰ ২য় পত্নীৰ সৈতে মমতা বেনাৰ্জীৰ চিকিৎসকৰ কোনো সম্পৰ্ক নাই বুলি উচ্চতম ন্যায়ালয়ৰ স্পষ্টীকৰণ সংলগ্ন কৰা হৈছে।
উচ্চতম ন্যায়ালয়ৰ স্পষ্টীকৰণত কোৱা হৈছে, “কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ প্ৰাক মূহুৰ্তত কেতবোৰ আক্ৰোশমূলক তথ্য X যোগে প্ৰচাৰ হৈছে। এই পোষ্টৰ দ্বাৰা সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰিয়ালৰ সৈতে গোচৰটোৰ সৈতে জড়িত একাংশৰ সম্পৰ্ক থকা বুলি দাবী কৰা হৈছে। এই টুইটবোৰ উদ্দেশ্য প্ৰণোদিত আৰু ন্যায়পালিকাৰ গাত কালিমা সনাৰ চেষ্টাহে। এই সন্দৰ্ভত দিল্লী আৰক্ষীত এটা গোচৰ ৰুজু কৰা হৈছে।”
JUST IN: “Factually incorrect” Supreme Court Registry clarifies that CJI’s wife is NOT related to Mamata Banerjee’s personal physician
“A malicious tweet had been circulated on X ahead of the Supreme Court hearing on the Kolkata rape and murder case attempting to link a member… pic.twitter.com/oWnCezV3xA
— Law Today (@LawTodayLive) September 9, 2024
পশ্চিম বংগৰ আৰক্ষীয়েও আন এটা পোষ্টত একেখিনি কথাই প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই দাবী “ভুৱা আৰু অসত্য ” বুলি কৈছে আৰু এই কামৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে।
It has come to our notice that extremely derogatory and baseless aspersions are being cast by some people in social media about the Hon’ble Supreme Court of India including the Hon’ble Chief Justice of India. Exploiting freedom of speech to indulge in wild falsehood, that too… pic.twitter.com/ilIedFC4Qj
— West Bengal Police (@WBPolice) September 7, 2024
সেয়ে, ভাইৰেল পোষ্টটোত কৰা দাবী আমি অসত্য বুলি ক’ব পাৰো।

