এগৰাকী মহিলাক দিন দুপৰতে লিফ্টৰ ভিতৰত অত্যাচাৰ চলোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ঘটনাটো বিশাখাপট্টনম জিলাৰ প্ৰশান্তি নগৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে।
ফোচবুকত ভিডিও শ্বেয়াৰ কৰি কেপচনত লিখিছে: “পেণ্ডুৰ্টিৰ প্ৰশান্তি নগৰত এনেদৰেই সংঘটিত হৈছে দিন ডকাইতি। এই পোষ্টটো কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ হোৱাকৈ শ্বেয়াৰ কৰক।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডওটোৰ স্ক্ৰীণশ্বটৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইল ৰ দলে ‘আই স্পট’ নামৰ ইউ টিউব চেনেলে ২০২২ৰ ১৪ আগষ্টত আপলোড কৰা ভিডিওত ভাইৰেল ভিডিওটোৰ সম্পূৰ্ণ অংশ দেখা পালে। এই ভিডিওটো সচেতনতাৰ বাবে নিৰ্মাণ কৰা হৈছিল। তাত থকা শিৰোনামেই ইয়াৰ ইংগিত দিয়ে: “এয়া অবিশ্বাস্য😢😢|| সাৱধান হওক || আই স্পট দ্বাৰা সামাজিক সচেতনতাৰ ভিডিও || EYE SPOT”
‘আই স্পটৰ’ এনে আৰু ভিডিও তলত পাব।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা ভিডিওটো নাটকীয় ৰূপৰ একাংশ। ইয়াৰ কোনো সত্যতা নাই।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
