সামাজিক মাধ্যমত কে এ পিকচাৰে বিশ্ব বিখ্যাত শৰীৰ চৰ্চাবিদ, অভিনেতা আৰু ৰাজনীতিবিদ আৰ্নল্ড ছোৱেজনেগাৰে তেঁওৰ নিজৰেই প্ৰতিমূৰ্তিৰ তলত শুই থকা এখন ফটো ভাইৰেল হৈছে আৰু দাবী কৰা হৈছে যে এদিন তেঁৱেই মুকলি কৰা হোটেল এখনে তেঁওক থাকিবলৈ ৰূম দিয়া নাছিল যাৰ ফলত হোটেলৰ বাহিৰত প্ৰতিষ্ঠা কৰা তেঁওৰ প্ৰতিমূৰ্তিৰ তলত শুবলগীয়া হৈছিল।
ফটোখনৰ কেপচনত লিখা আছিল: সময়তকৈ শক্তিশালী কোনো নহয়। হলিউডৰ একচন হিৰো আৰু বিশ্বৰ জনপ্ৰিয় শৰীৰচৰ্চাবিদ আৰু এথলীট আৰ্নল্ড ছোৱেজনেগাৰে তেঁওৰ প্ৰতিমূৰ্তিৰ তলত শুই থকা এই ফটোখন পোষ্ট কৰিছে। প্ৰতিমূৰ্তিটো এখন হোটেলৰ চৌহদত আছে, কেলিফোৰ্ণিয়াৰ গৱৰ্ণৰ হৈ থকাৰ সময়ত আৰ্ণল্ডেই ফিটা কাটি মুকলি কৰিছিল হোটেলখন। হোটেল কৰ্তৃপক্ষই হোটেলখনৰ চৌহদত তেঁওৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে হোটেলৰ এটা কোঠা তেঁওৰ বাবে বিনামূলীয়াকৈ সংৰক্ষণ কৰি থোৱা হ’ব বুলিও ঘোষণা কৰিছিল। কিন্তু অবসৰ গ্ৰহণ কৰাৰ এদিন পাছতেই তেঁও হোটেলখনত এটা কোঠা বিচৰাত হোটেল কৰ্তৃপক্ষই কোঠা দিবলৈ অস্বীকাৰ কৰে। উপায়ন্তৰ হৈ তেঁও নিজৰেই প্ৰতিমূৰ্তিৰ তলত শুবলৈ বাধ্য হ’ল। ফটোখনত লিখা আছে: “আপুনি নিজৰ পদবী হেৰুওৱাৰ পাছত বিশ্বখন এজন সাধাৰণ মানুহৰ দৰে হৈ পৰে।” বা “সন্মান সদায় আৰু পৰিবেশ সময়সাপেক্ষিক, কিন্তু মানুহে এয়া কেৱল তেঁওৰ বাবেই বুলি ভাবি লয়।” ইয়াৰ পৰাই শিক্ষা লোৱা উচিত আৰু কেতিয়াও নিজৰ পদ মৰ্যদাক লৈ ভেম নকৰিব, কাৰণ যিদিনাই আপুনি পদ আৰু চকীখন হেৰুৱাব সেইদিনাই ভিৰৰ মাজত হেৰাই যাব।

ফেচবুক পোষ্টৰ লিংক ইয়াত আৰু ইয়াত পাব
সত্যতা নিৰূপণ
নিউজ মোবাইলে পোষ্টটোৰ সন্দৰ্ভত চলোৱা অনুসন্ধানৰ পাছত এই পোষ্টবোৰৰ তথ্য সচা নহয় বুলি জানিব পৰা গৈছে।
ফটোখনৰ ইতিহাস জনাৰ বাবে প্ৰথমে ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়া হয় আৰু আমি আৰ্নল্ড ছোৱেজনেগাৰৰ ইনষ্টেগ্ৰাম একাউন্টত এটা পোষ্ট পালো।

আৰু অধিক অনুসন্ধানৰ পাছত আমি দেখিলো এই ফটোখন আৰ্ণল্ডে ধেমালিৰ বাবে গ্ৰেটাৰ কলম্বাছ কনভেনচন কেন্দ্ৰৰ পুলড আউট এ প্ৰাংক শীৰ্ষক ফটোখন তুলিছিল।
সেয়ে , ওপৰৰ আলোচনাৰ পাছত এতিয়া ক’ব পাৰি যে উল্লেখিত পোষ্টটোৰ কথাখিনি সত্য নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
