বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে এটি নৱজাতকক কোলাত লৈ থকা এখন ফটো আৰু অমিতাভ বচ্চনে এটি নৱজাতকক কোলাত লৈ থকা আন এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। তাত কোৱা হৈছে যে ঐশ্বৰ্য ৰায়ে এটি পুত্ৰ সন্তান জন্ম দিছে।
ফটোখনৰ কেপচনত আছে: “কন্যা আৰাধ্য বচ্চনৰ পাছত ঐশ্বৰ্য ৰায়ে এটি পুত্ৰ সন্তানৰ মাতৃ হ’ল।”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব। আন কেতবোৰ একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত পাব।
সত্যতা নিৰূপন
নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।
ঐশ্বৰ্য ৰায়ে নৱজাতকক কোলাত লৈ থকা ফটোখন ৰিৰভাৰ্ছ ইমেজ চাৰ্ছত নিউজ মোবাইলৰ দলে মে’ ২০২২ৰ কেইবাটাও বাতৰি লাভ কৰিলে। বাতৰিত প্ৰকাশ পোৱা মতে ফচোখনৰ মহিলাগৰাকী ২৬ বছৰত এটি পুত্ৰ সন্তান জন্ম দিয়া কিম্বাৰ্লী চিয়া। (এই বাতৰিবোৰ ইয়াত, ইয়াত আৰু ইয়াত ) পাব।
View this post on Instagram
আৰু অধিক অনুসন্ধান কৰাত আমি আৱিস্কাৰ কৰিলো, কিম্বাৰ্লী চিয়াই ইটোখন তেওঁৰ ইনষ্টাৰগ্ৰাম হেণ্ডলেত ৪ মে’ ২০২২ ত প্ৰচাৰ কৰিছিল।

দুয়োখন ফটো ভালদৰে পৰীক্ষা কৰাত জানিবলৈ পোৱা যায়, ঐশ্বৰ্য ৰায়ৰ মুখখন ফটো এডিটিং ছফটৱেৰ ব্যৱহাৰ কৰি এই ফটোখনত সংলগ্ন কৰা হৈছে।
লগতে অমিতাভ বচ্চনে এটি নৱজাতকক কোলাত লৈ থকা ফটোখন গুগল লেন্সত দিয়াত আমি একেখন ফটো টাইমছ অৱ ইণ্ডিয়াৰ ৱেবছাইট ত দেখিলো। তাৰ কেপচনত আছে: অমিতাভ বচ্চনে তেওঁৰ নাতিনী- অভিষেক বচ্চন-ঐশ্বৰ্য ৰায়ৰ সন্তান আৰাধ্যা বচ্চনক হাস্পতালৰ পৰা ওলাই যোৱাৰ সময়ত কোচত লৈছে।

উল্লেখনীয় যে ঐশ্বৰ্য ৰায়ে সন্তান জন্ম দিয়া হ’লে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে গুৰুত্বসহকাৰে এই খবৰটো প্ৰচাৰ কৰিলেহেঁতেন।
এনেদৰেই স্পষ্ট হয়, যে ঐশ্বৰ্য ৰায়ে পুত্ৰ সন্তান জন্ম দিয়া বুলি দাৱী কৰা পোষ্টটো ভুৱা।

