সত্যতা নিৰূপণ : IAFৰ পুৰণি ভিডিওকেই সম্পাদনা কৰি উত্তৰাখণ্ডৰ উদ্ধাৰ অভিযানলৈ হেলিকপ্তাৰেৰে এক্সকাভেটৰ নিয়া দৃশ্য বুলি দাবী কৰিছে

0 288

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ডাৱৰ বিস্ফোৰণৰ পাছত উদ্ধাৰ অভিযান চলিছে।এনে সময়তে এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ভাৰতীয় বায়ুসেনাৰ হেলিকপ্তাৰত এখন ডাঙৰ এক্সকাভেটৰ ধাৰালি গাঁবলৈ উঠাই নিয়াৰ দৃশ্য এয়া। ইতিমধ্যে গাওঁখনলৈ যোৱা পথসমূহৰ সংযোগ বিচ্ছিন্ন হৈছে।

হিন্দীতে লিখা তাৰ কেপচনত আছে: “ৰাস্তা বন্ধ হোৱাৰ বাবেই উত্তৰাখণ্ডৰ ধৰালীলৈ হেলিকপ্তাৰেৰে JCB দাঙি নিব লগা হৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোখন ডিজিটেল মাধ্যমেৰে বনোৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ফটোখন সুক্ষ্মভাবে নিৰীক্ষণ কৰিলেই ফটোখন সম্পাদনা কৰা যেন ভাব হয়- পোহৰৰ অসামঞ্জস্য, কণ্ট্ৰাষ্ট আৰু হেলিকপ্তাৰখন এঢলীয়া হৈ থকাৰ লগতে ফটোখনৰ পাছফালৰ দৃশ্যৰ ভিন্নতা আদিৰ বাবেই ফটোখন  সম্পাদনা কৰা বুলি ভাব হয়।   

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২০তে প্ৰচাৰ হোৱা মূল ফটোসহ কেইবাটাও বাতৰি লাভ কৰিলো। প্ৰকৃততে এয়া গাজিয়াবাগৰ হিন্দোন এয়াৰবে’ছত অনুষ্ঠিত ৮৮ সংখ্যক ভাৰতীয় বায়ু সেনা দিৱসৰ সময়ত চূড়ান্ত অনুশীলনীৰ সময়ত প্ৰদৰ্শিত  IAF’s CH-47  চিনুক হেলিকপ্তাৰখনেৰে হাওৱিটজাৰ আৰ্টিলাৰী বন্দুক কঢ়িওৱাৰ সময়ৰহে ফটো। গতিকে ফটোখন উত্তৰাখণ্ডত এক্সকাভেটৰ দঙাৰ সময়ৰ নহয়। . (এই বাতৰিবোৰ ইয়াত আৰু ইয়াত পাব।)

২০২০ চনৰ মূল ফটোখনৰ কেপচনত উল্লেখ কৰা অনুসৰি এয়া গাজিয়াবাগৰ হিন্দোন এয়াৰবে’ছত অনুষ্ঠিত ৮৮ সংখ্যক ভাৰতীয় বায়ু সেনা দিৱসৰ সময়ত চূড়ান্ত অনুশীলনীৰ সময়ত প্ৰদৰ্শিত  IAF’s CH-47  চিনুক হেলিকপ্তাৰখনেৰে বৃহৎ আকাৰৰ যুদ্ধ সামগ্ৰী কঢ়িওৱাৰ দৃশ্য।

দুয়োখন ফটো ওচৰা-ওচৰিকৈ ৰখাত স্পষ্ট হয়: মূল ফটোখনত হাওৱিটজাৰহে আছিল পাছত ইয়াত এক্সকাভেটৰ লগাই দি ধাৰালীলৈ নিয়াৰ সময়ৰ ফটো বুলি উল্লেখ কৰা হয়।

য়োএনে দৰেই প্ৰমাণ হয়, IAF এ এক্সকাভেটৰ উত্তৰাখণ্ডৰ ঢাৰালীলৈ দাঙি লৈ যোৱা নাছিল।