ভাৰতীয় নৌসেনাৰ নৌ অভযানৰ সঞ্চালক প্ৰধান (Director General of Naval Operations– DGNO), এ এন প্ৰমোদে সংবাদ মেলত ভাষণ দি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভাইৰেল ক্লিপটোত তেওঁক কোৱা শুনা গৈছে- যদিহে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, তেন্তে ভাৰতে ‘‘মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অভিযোগ দিব।’’ বহুতে এই ভাষ্য সত্য বুলি দবী কৰিছে।
ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে: পাকিস্তানে পুনৰ ভাৰত আক্ৰমণ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিক অভিযোগ দিব বুলি ভাৰতীয় নৌ সেনাৰ মুৰব্বীয়ে পাকিস্তানক ভাবুকি দিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী-ফ্ৰেমৰ ফচো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ইয়াৰ মূল ভিডিওটো দেখা পালে। ভিডিওটোত ভাৰতীয় সেনাৰ তিনিওটা বিভাগৰ মুৰব্বীয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছিল। ভিডিওটোৰ ৫৯:৫৫ছেকেণ্ডত DGNO প্ৰমোদে ‘‘এইবাৰ পাকিস্তানে কোনো ধৰণৰ কূটাঘাত কৰিবলৈ সাহ কৰে যদে, পাকিস্তানে ভালদৰে জানে আমি কি কৰিব পাৰো।’’
এনেদৰেই অপাৰেচন সিন্দুৰৰ পাছত দিয়া সংবাদ মেলত DGNO প্ৰমোদে কোৱা বুলি দাবী কৰি ভাইৰেল হোৱা পোষ্টটো যে ভুৱা সেয়া স্পষ্ট হয়।

