সত্যতা নিৰূপণ : ৰেলৱে ষ্টেচনত এটা কুকুৰে শিশু এটিক উদ্ধাৰ কৰা ভিডিওটো AI-ৰ দ্বাৰা সৃষ্টি কৰা

0 259

এটা কুকুৰে ৰেলৱে ষ্টেচনলৈ আহি থকা এখন ৰে’লৰ পৰা এটি শিশুক সাহসিকতাৰে উদ্ধাৰ কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে কুকুৰটোৰ সাহসক প্ৰশংসা কৰিছে আৰু সেই স্থানত উপস্থিত থাকিও একো নকৰা লোকসকলক সমালোচনা কৰিছে। ভাইৰেল ক্লিপটোত দেখা যায়, এটি শিশু ৰেলপথত লাগি ধৰিছে, ঠিক তেতিয়াই এটা কুকুৰে তললৈ জাঁপ মাৰি গৈ শিশুটিক টানি সুৰক্ষিত ঠাইলৈ লৈ যায়।

ওপৰৰ  পোষ্ট (আৰ্কাইভ)ৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

সাৱধানেৰে পৰ্যবেক্ষণ কৰাত ভিডিওটোত কেইবাটাও বিসংগতি দেখা পোৱা গ’ল। পিছফালে থকা এজন মানুহ হঠাতে নোহোৱা হৈ যায়, ৰেলগাড়ীৰ ওপৰৰ লিখনীবোৰ বিকৃত দেখা যায়, আৰু তাত উপস্থিত থকাসকলকো ৰেলগাড়ী ওচৰলৈ আহি থাকিলেও অস্বাভাৱিকভাৱে স্থিৰ হৈ থকা দেখা গৈছে। এনেবোৰ বিসংগতি ডিজিটেল পৰিৱর্তনৰ স্পষ্ট লক্ষণ।

ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত দেখা পোৱা যায় যে সেই ভিডিওটো ২০২৫ চনৰ ৮ অক্টোবৰ তাৰিখে মাল্চিভাৰ্চ নামৰ এটা ইউ টিউব চেনেলত আপলোড কৰা হৈছিল। চেনেলটোত থকা বিৱৰণ অনুসৰি, এই চেনেলটোত AI-দ্বাৰা সৃষ্ট ভিডিঅ’সমূহ শ্বেয়াৰ কৰে আৰু তাত #Higgsfield.ai আৰু #HiggsfieldSora2 দৰে হেছটেগ আছে। Sora2 হৈছে OpenAIৰ এটা উন্নত ভিডিও সৃষ্টি কৰা মডেল। ই AI-দ্বাৰা দৃশ্য নিৰ্মাণ কৰিব পাৰে। সেই চেনেলত এনে প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰা বহুতো ভিডিও’ আছে।

এনেদৰেই এয়া নিশ্চিত হয় যে ৰেলৱে ষ্টেচনলৈ আহি থকা ৰেল সন্মুখৰ পৰা কুকুৰে শিশুটিক উদ্ধাৰ কৰা ভাইৰেল ভিডিওটো বাস্তৱ নহয় — ই AI-দ্বাৰা সৃষ্টি কৰা এটা ভিডিও।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799