দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত কংগ্ৰেছ নেতাজনে ৫০+ ১৫ সমান ৭৩ বুলি ভুলকে কোৱা শুনা গৈছে। ভিডিওটোবে সামাজিক মাধ্যমত বহুল প্ৰচাৰ লাভ কৰিছে।
এজন লোকে ইনষ্টেগ্ৰামত ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে : পাপ্পুতো পাপ্পু হী ৰহেগা…#ৰাহুলগান্ধী #কংগ্ৰেছ #পাপ্পু #পাপ্পুমীমছ#গণিত #অংক #মীমছ

পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি কংগ্ৰেছৰ X একাউণ্টত ইয়াৰ মূল ভিডিওটো লাভ কৰিলো। ভিডিওটোৰ সৈতে কেপচনত আছিল: এজন সাংবাদিকে মোক সুধিছিল, “ৰাহুলজী, আপুনি জাতিগত জনগণনা আৰু জাতিগত অধিকাৰৰ কথা কয়, এয়া দেশ ভাগ ভাগ কৰাৰ দৰে নহয়নে?” উত্তৰত মই তেওঁক প্ৰশ্ন কৰিছিলো, “সংবাদ মাধ্যমত, বাতৰি কাকতৰ মালকৰ ভিতৰত কিমান গৰাকী পিছপৰা শ্ৰেণীৰ, দলিত বা জনজাতীয়? – তেওঁ মনে মনে থাকিল। মই ক’লো আমাৰ দেশত প্ৰায় ৫০% অন্যান্য পিছ পৰা শ্ৰেণীৰ, ১৫% দলিত আৰু ৮% জনজাতীয় লোক আছে। এই সংখ্যা ৭৩% হয়। ইয়াৰ অৰ্থ আপোনালোকে ৭৩% লোকলৈ একো দিয়া নাই, তেন্তে ভাৰত কিদৰে এক হ’ব?
এই ভিডিও টো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ৰ ৰাজহুৱা সভাৰ সময়ৰ। ভিডিওটো ভালদৰে পৰ্যৱেক্ষণ কৰাত দেখিলো ৰহুল গান্ধীয়ে শুদ্ধকৈয়েই ৫০% + ১৫% + ৮% সমান ৭৩% বুলি কৈছিল।

কংগ্ৰেছ দলৰ ইউটিউব চেনেলত আমাৰ দলে সম্পূৰ্ণ ভাষণ টো লাভ কৰিলে। তাৰ শিৰোনামত আছিল: “লাইভ | ভাৰত জোড়ো ন্যায় যাত্ৰা | ঝাৰছুগুড়া টু ৰাজগড় | ছত্তীশগড় | ৰাহুল গান্ধী।”
কংগ্ৰেছ নেতাজনে জাতিগত জনগণনাৰ কতা আলোচনা কৰি থকা দেখা গৈছিল। এই প্ৰসংগতে তেওঁ ভাৰত বিভাজন সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ প্ৰসংগত গান্ধীয়ে কৈছিল আমাৰ দেশত প্ৰায় ৫০% অন্যান্য পিছ পৰা শ্ৰেণীৰ, ১৫% দলিত আৰু ৮% জনজাতীয় লোক মুঠ ৭৩% বুলি কৈছিল।
ইউটিউবৰ মূল ভাষণটোৰ ১৯:৩০ মিঃ মাৰ্কত ৰাহুল গান্ধীয়ে কৈছিল “কোৱা হৈছে ভাৰতৰ জনসংখ্যাৰ ৫০–৫৫% লোক পিছপৰা শ্ৰেণীৰ, ১৫% দলিত আৰু ৮% আদিবাসী বা জনজাতীয়। মুঠ কিমান হলl? ৫০% + ১৫% + ৮% সমান কিমান? ৭৩।”
এয়াই প্ৰমাণ কৰে যে ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত গাণিতিক ভুল কৰা নাছিল, ভাইৰেল ভিডিওটো সম্পাদিত। সেয়ে, ভিডিওটোত কৰা দাবীও ভিত্তিহীন।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
