ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ এটা ভিডিও সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ আছে। ভিডিওটোত তেওঁক এইদৰে ক’বলৈ দেখা যায় বুলি দাবী কৰা হৈছে — “মই আমাৰ দেশবাসীক অনুৰোধ জনাব বিচাৰোঁ যে মোদীজীৰ হিন্দুত্ববাদী চৰকাৰে মোক ব্লেকমেইল কৰি ৰাফালত বহিবলৈ আদেশ কৰিছিল… মোৰ কিবা হ’লে তাৰ দায়িত্ব মোদীজী আৰু তেওঁৰ হিন্দুত্ব ৰাজনীতি দায়ী হ’ব।”
বহুকেইগৰাকী ব্যৱহাৰকাৰীয়ে দাবী কৰা অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে এই বক্তব্যটো ২০২৫ চনৰ ২৯ অক্টোবৰত আম্বালা বিমানঘাঁটিত ৰাফাল যুদ্ধবিমানত উঠি আকাশ মাৰ্গলৈ উৰাৰ সন্দৰ্ভত প্ৰকাশ কৰিছিল। ভিডিওটোৰ জৰিয়তে চৰকাৰে তেওঁক জোৰকৈ এই যাত্ৰা কৰিবলৈ বাধ্য কৰিছিল বুলি ইংগিত দিয়া হৈছিল।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত ৰাষ্ট্ৰপতি মুৰ্মুৱে তেনে কোনো বক্তব্য দিছে বুলি কোনো নিৰ্ভৰযোগ্য সংবাদ মাধ্যমৰ বাতৰি পোৱা নগ’ল। কিন্তু ভিডিওটো সুক্ষ্মভাৱে বিশ্লেষণ কৰাত বহু অমিল ধৰা পৰে — ওঁঠ লৰচৰ কৰাৰ লগত কণ্ঠৰ বিসংগতি, অস্বাভাৱিক মুখৰ অভিব্যক্তি, আৰু কৃত্ৰিম শব্দ — যিবোৰ সাধাৰণতে AI-ৰ জৰিয়তে কৰা ডিপফেক ভিডিওতহে দেখা যায়।
ভাইৰেল ভিডিওটোত “ইণ্ডিয়া টুডে’” ৰ লগো দেখা পোৱা গৈছে। ৰিভাৰ্ছ ইমেজ চাৰ্চৰ মাধ্যমেৰে অনুসন্ধান কৰাত মূল ভিডিঅ’টো ইণ্ডিয়া টুডেৰ নিজা ইউটিউব চেনেল-ত ১৪ ফেব্ৰুৱাৰী, ২০২৫ত প্ৰচাৰিত এটা ভিডিওত দেখা গ’ল। ইয়াৰ শিৰোনামত লিখা আছিল “দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলন : সমাবেশত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ভিডিওটোত মুৰ্মুৱে একেই শাৰী পিন্ধা আৰু একে পটভূমিত দেখা যায়।
উল্লেখনীয় যে মূল ভিডিওটোৰ কোনো অংশতেই ৰাষ্ট্ৰপতি মুৰ্মুৱে মোদীজীৰ নাম, ৰাফাল, বা ব্লেকমেইলৰ কোনো উল্লেখ কৰা নাই। ইয়েই স্পষ্ট কৰে যে ভাইৰেল ভিডিঅ’টো ডিজিটেলভাৱে সম্পাদিত।
আমি একেধৰণৰ মূল ক্লিপৰ অংশ ANI -ৰ X হেণ্ডলতো দেখা পাইছিলো।
ইয়াৰোপৰি Press Information Bureau (PIB) সত্যতা নিৰূপণ গোটৰ X আৰু ইনষ্টাগ্ৰাম যোগে স্পষ্টীকৰণ দি কৈছে যে পাকিস্তানৰ প্ৰচাৰ মাধ্যমসমূহে ৰাষ্ট্ৰপতিক লৈ এটা ডিজিটেলভাৱে পৰিবৰ্তিত ডিপফেক ভিডিও ভুৱা দাবীৰ সৈতে প্ৰচাৰ কৰি আছে।
View this post on Instagram
এনেদৰেই স্পষ্ট হয় যে ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰধানমন্ত্ৰী মোদীজীয়ে তেওঁক ব্লেকমেইল কৰিছিল বুলি প্ৰচাৰ কৰা ভাইৰেল ভিডিওটো ডিপফেক আৰু সম্পূৰ্ণভাৱে ভুৱা।

