উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ বুলি দাবী কৰা দুটা ভিডিও সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ভিডিওকেইটা ফেচবুকত শ্বেয়াৰ কৰি কেপচনত লিখিছে: “ৰাম মন্দিৰ দর্শন”

ওপৰৰ পোষ্টকেইটাৰ লিংক ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিবাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে picxy.com নামৰ ৱেব ছাইটৰ এখন ফটো দেখা পালে। ফটোখনৰ কেপচনত আছে — “হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত মহাভাৰতৰ ছেট” — ইয়াৰ ভিডিওৰ সৈতে বাইৰেল ভিডিওৰ সাদৃস্য আছে।

এগৰাকী ব্লগাৰৰ ইনষ্টাগ্ৰাম পোষ্ট এটাতো একে ধৰণৰ ফটোৱেই দেখিবলৈ পোৱা গল।ৰামোজী ফিল্ম চিটিৰ প্ৰসংগ উত্থাপনেৰে কেপচনত লিখিছে: “প্ৰথম লক্ষ্য হব মহাভাৰতৰ ছেট চো।.” পোষ্টটোত থকা ফটোবোৰৰ সৈতে ভাইৰেল পোষ্টটোৰ ফটোৰ মিল আছে।
ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমাৰ দলে একেই ৰাজ সভাৰ ছেট সম্পৰ্কীয় এটা বাতৰি দেখা পালে। এই ছেটটো তেলুগুৰ জনপ্ৰিয় ছিৰিয়েল শ্ৰী ভাগৱতমৰ বুলি উল্লেখ আছে।

আমি ৰামোজী ফিল্ম চিটিৰ ইউটিউব চেনেলত ২০১৯ৰ ২৪ জুনত প্ৰচাৰিত এটা ভিডিও দেখিলো। তাৰ শিৰোনামত আছিল: “ৰামোজী ফিল্ম চিটিত পৌৰাণিক ভাগৱতমৰ ছেট ।” ইয়াত প্ৰচাৰ কৰা ফুটেজৰ সৈতে ভাইৰেল ভিডিওটোৰ মিল আছে।
এই তথ্যই প্ৰমাণ কৰে. কোনো মিল নথকা ভিডিওকেই অযোধ্যাৰ ৰাম মন্দিৰৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
