সত্যতা নিৰূপণ: ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰণি ভগ্ন প্ৰতিমূৰ্তিৰ ফটোকেই বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সাঙোৰা হৈছে

0 150

বাংলাদেশত চলি থকা হিংসাত্মক পিৰস্থিতিৰ মাজতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি এটা ভাঙি থকা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ভিডিওটোৰ কেপচনত লিখা আছে: “বাংলাদেশত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছে।


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব। একেধৰণৰ আন এটা  ইয়াত পাব।

একেটা ভিডিও পশ্চিমবংগ ভাৰতীয় যুৱ মোৰ্চা (BJYM)ৰ সভাপতিয়ে তৰুণজ্যোতি তেৱাৰীয়ে তেওঁৰ X-হেণ্ডেলতো, এই ভিডিওটো শ্বেয়াৰ কৰিছে। তেওঁ উল্লেখ কৰা মতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু তিথি (৭ আগষ্ট)তেই এই ঘটনা সংঘটিত কৰিছিল।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফোট ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ নিউজ মোবাইলৰ  দলে ২০২৩ৰ ১৬ ফেব্ৰুৱাৰী ৰ এটা ভিডিও দেখা পায়, ভাইৰেল ভিডিওটোৰ পূৰ্ণ দৈৰ্ঘ এই ভিডিওত একাংশ লোকে ঠাকুৰৰ প্ৰতিমূৰ্তি ভাঙি থকা দেখা গৈছে।

00:৩৪-00:৫৮ টাইমষ্টাম্পত ভাইৰেল ক্লিপটো দেখা যাব।.

আৰু অধিক অনুসন্ধানত আমি ২০২৩ৰ ফেব্ৰুৱাৰীত প্ৰচাৰিত কেইবাটাও বাতৰি লাভ কৰিলো। এই বাতৰিত উল্লেখ আছে যে বঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে একাংশ কিতাপ নিষিদ্ধ কৰাৰ দাবীত সাজি উলিওৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভাঙি পেলায়। পাছত অত সিঁচৰিত হৈথকা প্ৰতিমূপৰ্তিৰ ভগ্নাংশ শিক্ষাৰ্থীসকলে ৰাজু স্মৃতি সৌধৰ সমীপত পুনৰ সংস্থাপিত কৰে।  এই বাতৰিকেইটা ইয়াত আৰু  ইয়াত পাব।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা ভিডিওটো শেহতীয়া নহয়, ২০২৩ চনৰেই।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel