বলিউডৰ দম্পতী ৰণবীৰ কপুৰ আৰু আলিয়া ভট্টে দুৰ্গা পূজাৰ সময়ত দুৰ্গা মূৰ্তিৰ আগত পোজ দিয়া এখন ফটো সামাজিক মাধ্যমত বহুল ভাবে শ্বেয়াৰ কৰা হৈছে।
ছবিখনৰ সৈতে থকা কেপশ্যনত লিখা আছে:“আজিৰ ছবি… ৰণবীৰ কপুৰ তেওঁৰ পত্নী আলিয়া ভট্টৰ সৈতে।”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ভিডিওটো AIৰ দ্বাৰা সম্পাদিত ভুৱা বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্ছত দিয়াৰ পাছতো এই ফটোখনৰ কোনো বিশ্বাসযোগ্য সংবাদ প্ৰতিবেদন বা নিৰ্ভৰযোগ্য উৎসত পোৱা নগ’ল। আলিয়া ভট্ট বা পাপাৰাজ্জিৰ সামাজিক মাধ্যমৰ কোনো একাউণ্টত এই ধৰণৰ ফটো শ্বেয়াৰ কৰা দেখা নগ’ল।
সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰাৰ পাছত ফটোত AI দ্বাৰা সম্পাদনা কৰা চিন স্পষ্টকৈ দেখিবলৈ পোৱা যায় — ফটোত থকা ছালৰ বিসংগতি, অনিয়মিত পোহৰ, আৰু মুখৰ আকাৰ আদিৰ বিকৃতি স্পষ্ট।
অধিক নিশ্চিত কৰিবলৈ, নিউজ মোবাইলে– AI-চিনাক্তকৰণ সঁজুলিHive Moderation, Sightengine, আৰু WasItAIৰে ফটোখনৰ পৰীক্ষা কৰে। প্ৰতিটো সঁজুলিয়ে ফটোখন কৃত্ৰিমভাৱে তৈয়াৰ কৰা বুলি নিশ্চিত কৰে।


সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিও অনুসৰি, ৰণবীৰ কপুৰে ২৯ ছেপ্তেম্বৰ ২০২৫ৰ দিনা চলচ্চিত্ৰ নিৰ্মাতা আয়ান মুখাৰ্জীৰ সৈতে মুম্বাইৰ এখন দুৰ্গা পূজা মণ্ডপলৈ গৈছিল যদিও, আলিয়া ভাট সেই সময়ত উপস্থিত নাছিল।
ইণ্টাৰনেট বা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিও সমূহত ৰণবীৰক সম্পূৰ্ণ ভিন্ন দেখা গৈছে। ইয়াৰ বিপৰীতে AIৰ দ্বাৰা সম্পাদিত ভাইৰেল ফটোৰ পোছাক পৰা সম্পূৰ্ণ ভিন্ন। X (আগৰ Twitter) ত পোষ্ট কৰা এটা ভিডিওত ৰণবীৰে বহুত ভিৰৰ মাজতো ধৈৰ্যসহকাৰে অনুৰাগীৰ সৈতে কথা পাতি ফটো তুলি থকা দেখা যায়। এই স্বভাবৰ বাবে আৰু মাটিৰে মানুহ হৈ থকা মনোভাবৰ বাবে প্ৰশংসিত হৈছে।
How calmly Ranbir kapoor is listening to his fan even in such a big crowd even his body language is so attentive towards him, truly the most humble & down to earth superstar pic.twitter.com/l9GShlrfS8
— ๑ (@vardaanforu) September 29, 2025
এনেদৰেই স্পষ্ট হয় যে ৰণবীৰ কপুৰ আৰু আলিয়া ভাটৰ দুৰ্গা পূজাত উপস্থিত থকা ভাইৰেল ছবিখন AI-ত তৈয়াৰ কৰা হৈছে। ৰণবীৰে সঁচাকৈয়ে এটা পূজা মণ্ডপলৈ গৈছিল যদিও আলিয়া তেওঁৰ সৈতে নাছিল।

