নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী ফ্ৰী ৰিছাৰ্জ স্কীম শীৰ্ষক আঁচনিৰ জৰিয়তে ৮৪ দিনলৈ প্ৰতিজন নাগৰিককে বিনামূলীয়া ৰিছাৰ্জ কৰাৰ সুবিধা দিয়া হ’ব বুলি এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত উল্লেখ কৰাৰ অনুসৰি এই আঁচনিৰ সুবিধা পোৱাৰ অন্তিম তাৰিখ ৫ জানুৱাৰী, ২০২৫।
হিন্দীতে লিখা পোষ্টটোত আছে : *Happy New Year Recharge Offer নিপ্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ৰিছাৰ্জ আঁচনিৰ জৰিয়তে ভাৰতৰ প্ৰতিগৰাকী ইউজাৰলৈ ৩ মাহৰ বাবে ৰিছাৰ্জৰ সুবিধা, ময়ো ৮৪ দিনৰ বাবে ৰিছাৰ্জ কৰাইছো। আপোনালোকেও এই সেৱা লাভ কৰক (৫ জানুৱাৰীৰ পূৰ্বে) *

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
প্ৰথমে, পোষ্টটোত থকা লিংকটোক ক্লিক কৰোঁতে আমি এটা সন্দেহজনক ৱেব ছাইট দেখা পাওঁ। ড’মেইনটোত (https://pmry.gov.in@offerintro.com/Free-Recharge/id=CerkXl8b) বুলি লিকা আছে, তাত প্ৰধানমন্ত্ৰীৰ নিজা ৱেব ছাইট (https://www.narendramodi.in/)ৰ নাম লিখা নাই। ইয়েই এই পোষ্টটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেগ কৰে।

নিউজ মোবাইলৰ দলে কী ৱৰ্ড বা মূল শব্দ ব্যৱহাৰেৰে অনুসন্ধান কৰাত- চৰকাৰে বিনামূলীয়া ৰিছাৰ্জৰ সুবিধা দিয়া এনে ধৰণৰ কোনো বাতৰি বা লেখা- দেখা নাপালে।
এনে সময়তে পিআইৱি (PIB)ৰ তৰফৰ পৰাও ৩০ ডিচেম্বৰ ২০২৪ তাৰিখে এটা X-পোষ্ট যোগে চৰকাৰে কোনো বিনামূলীয়া ৰিছাৰ্জৰ আঁচনি লোৱা নাই বুলি স্পষ্ট কৰে।
গতিকে এয়া স্পষ্ট হৈ পৰে যে , – চৰকাৰে বিনামূলীয়া ৰিছাৰ্জৰ সুবিধা দিয়া বুলি দাবী কৰা পোষ্টটোৰ সত্যতা নাই, ই ভুৱা পোষ্ট।

