সত্যতা নিৰূপণ : ২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্ৰচাৰৰ বাবে বানীবদ্ধ কৰা বুলি দাবী কৰা গীতৰ ভিডিওটো AIৰ দ্বাৰা নিৰ্মিত

0 352

তিন মিনিট দৈৰ্ঘ্যৰ এটা ভিডিও ২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্ৰচাৰৰ গীত হিচাপে বানীবদ্ধ কৰা হৈছে বুলি সামাজিক মাধ্যমত বহুলভাৱে প্ৰচলিত হৈছে। বহুতো ব্যৱহাৰকাৰীয়ে এইটো ক্ৰীড়া সমাৰোহখনৰ সঁচা গীত বুলিয়েই বিশ্বাস কৰিছে।

ওপৰৰ পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ইউ টিউব ত “FIFA anthem US Mexico Canada”ৰ দৰে কী-ৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰাত একেই ভিডিওটো বাৰ্ণিং ক্ৰেজী — নামৰ এটা নিৰ্ধাৰিত চেনেলৰ দ্বাৰা ২৪ আগষ্টত আপলোড কৰা দেখা যায়। ভিডিওটোৰ শিৰোনাম আছিল — “FIFA World Cup 2026 Anthem | Unidos (USA • Canada • Mexico) | Official Fan Song”

অবশ্যে, “How this content was made”ৰ অংশত উল্লেখ কৰা আছে যে এয়া “altered or synthetic content” — অৰ্থাৎ এই ভিডিও বা অডিওটো ডিজিটেলভাৱে সৃষ্ট বা সম্পাদিত।

AI-ডিটেকশন টুল বা নিশ্চিত কৰা সজুলি হাইভ ম’ডাৰেচন (Hive Moderation)ৰ সহায়ত ভিডিওটো বিশ্লেষণ কৰাৰ পিছত পোৱা গ’ল যে এই ক্লিপটো ৯৯% ডিজিটেলভাৱে সৃষ্টি কৰা।

এই তথ্যৰ পৰাই স্পষ্ট হয় যে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্ৰচাৰৰ গীত বুলি দাবী কৰা এই ভাইৰেল ভিডিওটো সত্য নহয়, ই AI-দ্বাৰা নিৰ্মিত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799