সত্যতা নিৰূপণ:  ২০২৪ চনৰ জাপানৰ ভিডিওকেই ভুৱা ব্যাখ্যা দি ভাৰতৰ ভূমিকম্পৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 168

নতুন দিল্লীত ১৭ ফেব্ৰুৱাৰী, ২০২৫ত এটা ৪.৫ মেগ্লিটিউডৰ ভূমিকম্পই জোকাৰি যায়। ইয়াৰ অভিকেন্দ্ৰ দিল্লীৰ ধৌলা খানৰ আশে-পাশে বুলি ঠাৱৰ কৰা হৈছে।

ভূমিকম্পৰ পৰৱৰ্তী সময়ৰ পৰিবেশ বুলি দাবী কৰা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাদ্যমত ভাইৰেল হৈছে, তাৰ কেপচনত আছে-দিল্লীত পুৱাই প্ৰচণ্ড ভূমিকম্প অনুভূত হয়। কেইবা ছেকেণ্ডলৈ পৃথিৱীখন কঁপি আছিল, ভয়াৰ্ত লোকসকলে ঘৰ এৰি বাহিৰলৈ ওলাই গৈছিল।  ভূমিকম্পৰ তীব্ৰতা ৪.দ আৰু ইয়াৰ অভিকেন্দ্ৰ দিল্লীয়েই আছিল বুলি জানিব পৰা গৈছে।  #BreakingNews #দিল্লী #Earthquake #ভূমিকম্প

ওপৰৰ পোষ্টটো ইয়াত পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কীপ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে   জাপানৰ  সংবাদ মাধ্যমে ২০২৪ৰ ফেব্ৰুৱাৰী মাহত প্ৰচাৰ কৰা কেইবাটাও বাতৰি লাভ কৰিলে। দ্য জাপান নিউজ উল্লেখ কৰা অনুসৰি ফুটেজখিনি ডেছকেমৰ দ্ৱাৰা সংগ্ৰহ কৰা, ২০২৪ৰ ১ জানুৱাৰীত জাপানৰ ন’ট’ উপদ্ৱীপৰ ছুজুত হোৱা ভূমিকম্পৰ পাছৰ দৃশ্য এয়া।

ছুজুৰ কেতবোৰ নাৰ্ছিং হোম চোৱাছিটা কৰা এটা বেচৰকাৰী সংস্থাই পৰৱৰ্তী সময়ত ভিডিওবোৰ সামাজিক মাধ্যমত আপলোড কৰিছিল। বাতৰিটোত প্ৰকাশ অনুসৰি ভূমিকম্পটোৰ ফলত অঞ্চলটোত ছুনামিৰো সৃষ্টি হৈছিল।  ভাইৰেত ভিডিওটোৰ দৰে  বহু কেইটা ভিডিও ইউটিউবত উপলব্ধ। 

ইয়াৰোপৰি নিপ্পন (Nippon)ৰ শেহতীয়া তথ্য অনুসৰি এই ভূমিকম্পত প্ৰায় ৫০০ লোকৰ মৃত্যু হৈছিল, ইয়াৰে ২২৮জন থিতাতে নিহত হোৱাৰ লগতে ২৬১জন পৰৱৰ্তী সময়ত নিহত হৈছিল।

এই তথ্যৰ দ্বাৰাই স্পষ্ট হয় ভাইৰেল ভিডিওটো দিল্লীৰ নহয়, ভুৱা ব্যাখ্যাৰে জাপানৰ পুৰণি ভিডিও এটাকেই দিল্লীৰ বুলি দাৱী কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799