ত্ৰিপুৰাৰ জনজাতীয় লোকসকলে ধনু-কাঁড় লৈ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ পৰা ভূমি উদ্ধাৰৰ বাবে কৰা সংঘৰ্ষৰ ভিডিও বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ফেচবুক ব্যৱহাৰকাৰী এজনে ভাইৰেল ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে : বাংলাদেশী অনুপ্ৰবেশকাৰীৰ পৰা ভূমি ৰক্ষা কৰিবলৈ ত্ৰিপুৰাত ধনুৰ টংকাৰ! #জনজাতি #ত্ৰিপুৰাৰজনজাতি

পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো গুগল লেন্সত দি ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰাত আমি এটা ফেচবুক পৃষ্ঠাত ২০২৪ৰ ১২ ডিটেম্বৰত প্ৰচাৰিত ট্ৰিবুন পাপুৱাৰ এটা ইউটিউৱ চেনেলৰৰ ভিডিও দেখা পালো। তাৰ বিৱৰণিত আছে ইণ্ড’নেছিয়াৰ চেণ্ট্ৰেল পাপুৱাত দুটা ৰাজনৈতিক দলৰ মাজত হোৱা সংঘৰ্ষৰ দৃশ্য।
মূল শব্দ ব্যৱহাৰ কৰি অধিক অনুসন্ধান কৰাত নিউজ মোবাইলে ২০২৪ চনৰ ১৩ ডিচেম্বৰত ইণ্ড’নেছিয়াৰ সংবাদ প্ৰতিষ্ঠানে একেটা ভিডিও কবৰ টাৰ্ডেপন আৰু VIVO.CO.ID ত প্ৰচাৰ কৰা দেখা পালো।
বাতৰি বোৰত উল্লেখ কৰা অনুসৰি আপালোছ বাগাউ আৰু আনেৰ মেইছেনি নামৰ ৰাজনৈতিক দল দুটাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। আপালোছ বাগাউৰ সমৰ্থকে অভিযোগ কৰা অনুসৰি বিপৰীত পক্ষৰ লোকে ভোটৰ বেমেজালিৰ সৃষ্টি কৰিছিল।
এনেদৰেই স্পষ্ট হয়, ভাইৰেল ভিডিওটো ত্ৰিপুৰাৰ নহয়, ইণ্ড’নেছিয়াৰ ৰাজনৈতিক সংঘৰ্ষৰহে।