এজন সেনাক ঘৰলৈ উভতাৰ পাছত বিশাল সম্বৰ্ধনা, অভিবাদন জনোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এই ভিডিওটো অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তান আৰু PoKত উগ্ৰপন্থীৰ ঘাটিত আক্ৰমণ কৰি এশৰো অধিক উগ্ৰপন্থী নিধন কৰাৰ ঘটনাৰ পাছত স্বগৃহলৈ উভতা এজন সেনাক বিপুল অভিবাদন জনোৱাৰ সময়ৰ বুলি দাবী কৰিছে।
ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে: *অপাৰেচন সিন্দুৰৰ পাছত স্বগৃহত উপস্থিত এজন সেনা। *ভাৰতীয় সেনাৰ বাবে* কি অপূৰ্ব সময়,জয় হিন্দ*
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২৩ৰ ১৭ আগষ্টৰ ৱ্ৰুট ইউটিউব চেনেলৰ এটা ভিডিও বাতৰি দেখা পালে। ভিডিওটোৰ বিৱৰণি অনুসৰি স্ব-গৃহলৈ ওভতা সেনা এজনক পৰিয়াল আৰু গাঁৱৰ লোকে তেওঁক জনোৱা অভিনন্দৰ দৃশ্য এয়া।
যিহেতু যোৱা ২২ এপ্ৰিলৰ দিনা ২৬ গৰাকী নিৰীহ পৰ্যকক হত্যা কৰা পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ কল্পে অপাৰেচন সিন্দুৰ ৭ মে ২০২৫তহে সংঘটিত হৈছিল, সেয়ে ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে এয়া শেহতীয়া ভিডিও নহয়।
এনেদৰেই স্পষ্ট হয়, সেনাক স্বগৃহত অভিবাদন, অভিনন্দন জনোৱা ভাইৰেল ভিডিওটো অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছৰ ভিডিও নহয়।

