শ্ৰেণী কোঠাৰ ব্লেকব’ৰ্ডত ত হিন্দু আৰু ইছলামৰ মাজত ৰিজনি লিখা থকা এখন ফটো সামাজিক মাধ্যমত শেহতীয়াকৈ ৱহুল প্ৰচাৰ হৈছে। ফটোখনত লিখা থকা আখৰত দেখুওৱা হৈছে যে পৰম্পৰাগত ৰীতি পালনৰ ক্ষেত্ৰত হিন্দুতকৈ ইছলাম বহু ওপৰত। বহুতে এই ফটোখন মাদ্ৰাছাৰ আৰু ইয়াৰ দ্বাৰা হিন্দু ধৰ্মক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে বুলি দাবী কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২৫ৰ ৯ এপ্ৰিলৰ ANIৰ এটা X পোষ্ট লাভ কৰিলে। তাৰ বিৱৰণিত আছে : “গোৰখপুৰ: দাৰুল উলুম ঙছেইনিয়া মাদ্ৰাছাত অইন বিষয়ৰ লগতে সংস্কৃতো পঢ়োৱা হয়।” মাদ্ৰাছাৰ অধ্যক্ষৰ উদ্ধৃতি দি কোবা হৈছে “এইখন উত্তৰ প্ৰদেশ শিক্ষা পৰিষদৰ অধীনৰ এধন আধুনিক মাদ্ৰাছা। ইয়াত ইংৰাজী, হিন্দী, বিজ্ঞান, গণিত আৰু সংস্কৃত আদি বিষয়ো পঢ়োৱা হয়।”
Goarakhpur: Sanskrit, among other subjects, being taught at Darul Uloom Husainia madrasa. Principal of the madrasa says ‘It’s a modern madrasa under UP Education board & subjects like English, Hindi, Science, Maths & Sanskrit are taught here. They are also taught Arabic’. pic.twitter.com/g2Lc6Hm6Pq
— ANI UP/Uttarakhand (@ANINewsUP) April 9, 2018
পিছথফালে থকা ব্লেকব’ৰ্ডৰ আখৰবোৰ কিন্তু মূল ফটোখনৰ সৈতে পিছফালে থকা ব্লেকব’ৰ্ডৰ আখৰৰ মিলা নাই। মূল ফটোখন সন্দৰ্ভত বাতৰি বিজনেছ ষ্টেণ্ডাৰ্ড আৰু আউটলুক, ৰ ১০ এপ্ৰিল ২০১৮ৰ সংখ্যাত প্ৰকাশ পাইছিল।
এই বাতৰিবোৰৰ মতে গোৰখপুৰৰ দাৰুল উলুম হুছেইনিয়া মাদ্ৰাছাত আধুনিক শিক্ষা ব্যৱস্থা অনুসৰি শিক্ষাৰ্থীক ইংৰাজী, হিন্দী, বিজ্ঞান, গণিত, আৰৱী সংস্কৃত আৰু উৰ্দু আদি বিষয় পঢ়োৱা হয়। শিক্ষাৰ্থীসকলৰ মতে তেওঁলোকে এই শিক্ষা পদ্ধতিত পঢ়িবলৈ পাই সুখী, লগতে এই পাঠ্যক্ৰমক লৈ শিক্ষক আৰু অভিভাবকসকলেও সন্তুষ্টি প্ৰকশ কৰিছে।

একেদিনাই প্ৰচাৰ হোবা জী নিউজৰ ইউটিউব চেনেলত এই সন্দৰ্ভত বিশদ তথ্য লাভ কৰিব।
এনেদৰেই, স্পষ্ট হয় ভাইৰেল পোষ্টটো মিছাকৈ সাম্প্ৰদায়িক ৰহন সানি মানুহক ভুল পথে পৰিচালিত কৰিবলৈ প্ৰচাৰ কৰা হৈছিল।