২০২৪ৰ ১ জানুৱাৰীৰ দিনা জাপানত ৭.৫ ৰিখটাৰ স্কেলৰ এটা ধ্বংসাত্মক ভূমিকম্প ৰ ঘটনা সংঘটিত হয়। ইয়াৰ বাবেই ছুনামীৰ আশংকা সৃষ্টি হোৱাৰ লগতে বহু লোকৰ মৃত্যু আৰু সম্পত্তি ধ্বংস হয়। এনে সময়তে ছুনামীৰ সময়তে একাংশ লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে হাহাকাৰ কি দৌৰা-দৌৰি কৰি থকা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ সময়ৰ দৃশ্য বুলি দাবী কৰিছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে : ৭.৬ ৰিখটাৰ স্কেলৰ প্ৰচণ্ড ভূমিকম্পৰ পৰা জীৱন ৰক্ষা কৰাৰ বাবে মানুহবোৰে পথৰ ওপৰত ইফালে-সিফালে দৌৰা-দৌৰি কৰিছে।#ভূমিকম্প#জাপানত হাহাকাৰ আৰু #ছুনামীৰ আশংকা।

এই পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটো সুক্ষ্মভাবে নৰীক্ষণ কৰাত নিউজ মোবাইলৰ দলে ভিডিওটোৰ সোঁকোণৰ ওপৰফালে ৩-১১-২০২১ বুলি লিখা থকা দেখা পালে।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমাৰ দলে ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠান unews.proত প্ৰচাৰিত এটা ভিডিও লাভ কৰিলে। এই ভিডিওটোৰ ভাইৰেল ক্লিপটোৰ সৈতে মিল আছে। তাত থকা বিৱৰণি অনুসৰি ইয়াত ২০১১ত জাপানত হোৱা ছুনামীৰ দৃশ্য দেখুওৱা হৈছে।

আৰু অধিক অনুসন্ধান কৰাত আমি আন এটা ইউটিউব ভিডিও, পালো। তাৰ শিৰোনামত আছে: কামাইছি চিটি হলত ছুনামীৰ তাণ্ডব। এজন দৰ্শকে প্ৰেণ কৰা ভিডিওটো ফুজি নিউজ নেটৱৰ্কত ২০১৩ৰ ১৩ জুনত আপলোড কৰা হৈছে।
বাতৰিটোৰ এটা ভিডিও ভাইৰেল ভিডিওটোৰ সৈতে একেই। উল্লেখ্য যে ছুনামীয়ে ২০১১ চনত কামাইছি চহৰ বিধ্বস্ত কৰিছিল।
ইয়াৰ পৰাই কব পাৰি যে ভাইৰেল ভিডিওটো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়, পূৰ্বৰ ভিডিও এটা ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
