হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত আৰু বিৰাট কোহলীয়ে একেলগে প’জ দি তোলা ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ফটোখনে তেওঁলোকৰ অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই ফটো সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এইটো ডিজিটেল মাধ্যমেৰে সম্পাদিত বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে মূল ফটোখন বিচাৰি পাবলৈ সক্ষম হল। প্ৰকৃততে পাণ্ডিয়া আৰু পন্তৰ সৈতে বিৰাট কোহলী নহয়, সূৰ্য কুমাৰেহে ফটো তুলিছিল।

ফটোখন সুক্ষ্মভাবে চোৱাত দেখা গ’ল বিৰাট কোহলীৰ মুখন সূৰ্য কুমাৰৰ মুখৰ ঠাইত চুপাৰ ইম্পোজ কৰি বহুৱাই দিয়া হৈছে, আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

এনেদৰেই স্পষ্ট হয়, হাৰ্দিক পাণ্ডিয়া আৰু ঋষভ পন্তৰ সৈতে বিৰাট কোহলীয়ে ফটো তোলা বুলি দাবী কৰা ফটোখন মৰ্ফ কৰাহে।

