সত্যতা নিৰূপণ:   স২০২২ৰ জ্যোতি ৰ্বিজ্ঞানৰ দ্বাৰা সংগ্ৰহীত ভিডিও মহাকুম্ভৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে

0 178

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভৰ সময়ত অভিলেখ সংখ্যক ভক্তৰ সমাগম হৈছিল।  ১৩ জানুৱাৰীৰ পৰা ত্ৰিবেনী সংগমত ৫০ কোটিতকৈও অধিক ভক্তই পূন্যস্নান কৰিছে।  এনে সময়তে এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাৱী কৰা হৈছে যে জ্যোতিৰ্বিজ্ঞানৰ দ্বাৰা সংগ্ৰহীত এই ফুটেজ মহাকুম্ভৰ সময়ৰ। ফটোখনত নৈৰ ঠিক ওপৰতে কাঁচিজোনটো দেখা গৈছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে: প্ৰয়াগৰাজত ব্ৰহ্মমুহূৰ্তত লোৱা বিৰল দৃশ্য! সূৰ্যোদয়ৰ আধাঘণ্টা পূৰ্বে শনি, মঙল, শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰ একত্ৰিত হৈছে।  এই দেৱগ্ৰহবোৰক ধৰিত্ৰীলৈ অহাৰ বাবে অভিবাদন।   ১৪৪  বছৰত প্ৰথমবাৰলৈ ১৯ জানুৱাৰীৰ পুষ্য নক্ষত্ৰৰ দিনা শনি, মঙল, শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰ একত্ৰিত হৈছে।  ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষৰ অবিস্মৰণীয় ঘটনা।! *ওঁ নাৰায়ন নমঃ।*


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত  আমি ফটোখন শ্বেৰি ছেলিগছনৰ ২৪ জানুৱাৰী ২০২৫ফেচবুক পোষ্ট এটাত দেখা পাও।  আৰু অধিক বিচৰাত আমি কচমিক ইণ্টেলিজেন্স এজেন্সীৰ ফেচবুক পে’জ (Cosmic Intelligence-Agency’s Facebook page) ত ২০২২ৰ ১ মে’ত প্ৰচাৰিত পোষ্টত একেখন ফটো  দেখা পাও। পোষ্টটোত  উল্লেখ কৰা মতে ২০২২ৰ ২৮ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ সূৰ্যোদয়ৰ পূৰ্বে  শনি, মঙল, শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰ একত্ৰিত হৈছিল।

আৰু অধিক অনুসন্ধানত আমি এষ্ট্ৰো ফটোগ্ৰাফাৰ ৰেন থিলেনৰ  ইনষ্টাগ্ৰামত ২০২২ৰ ২৮ এপ্ৰিলত প্ৰচাৰিত এখন ফটো লাভ কৰিলো। তাৰ কেপচনত প্ৰকাশ যে এই ফটোখন অষ্ট্ৰেলিয়াৰ সাতোঁৰা আৰু মাছ মৰাৰ বাবে বিখ্যাত ৱাৰুনা বান্ধৰ সমীপৰ ড্ৰেস্কব্ৰুকৰ পৰা লোৱা।      

 

View this post on Instagram

 

A post shared by Ren Theelen (@ren.theelen)

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ২০২৫ৰ মহা কুম্ভৰ সময়ৰ বুলি দাবী কৰা এই দৃশ্য প্ৰকৃততে মহাকুম্ভৰ সময়ৰ নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799