সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ নেতৃত্বত ১৩ ফেব্ৰুৱাৰী২০২৪ৰ পৰা চলা কৃষক আন্দোলন তুংগত আছে। ডিচেম্বৰ ২০২৩ত MSP সন্দৰ্ভত আইনী নিশ্চয়তা দিবলৈ, স্বামীনাথন ফৰ্মূলা প্ৰচলন কৰাৰ বাবে কৃষক সংগঠনবোৰৰ তত্পৰতাত দিল্লী চলো আন্দোলন আৰম্ভ হৈছিল। এনে সময়তে এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ফটোখন ফেচবুকত প্ৰচাৰ কৰি কেপচনত লিখা হৈছে : মোদী চৰকাৰে কৃষকসকলক ৰুধিবলৈ যিমান শক্তি প্ৰয়োগ কৰিছে, তাতকে বহু কম শক্তিৰে MSP আইনখন প্ৰণয়ন কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ মনোভাব ভাল হলেহে সম্ভব হব। #FarmersProtest #FarmersProtest2024

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একেখন AAP’ৰ নিজা ফেচবুক পেজতো প্ৰচাৰ হৈছিল। (আৰ্কাইভ লিংক)
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ইণ্ডিয়া টুডেত ২০২১ৰ ৩ ফেব্ৰুৱাৰীত প্ৰকাশিত এটা বাতৰি লাভ কৰিলে। বাতৰিটোৰ সৈতে একেখন ফটো সংলগ্ন কৰা হৈছে। ফটোখনৰ কেপচনত আছে: “কৃষক বিদ্ৰোহে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা লাভ কৰিছে, লোক সভাতো বিতৰ্কৰ সূচনা কৰিছে, দিল্লী সীমান্তত ইণ্টাৰনেটৰ প্ৰচলন আৰম্ভ হৈছে | একত্ৰ”. ইয়েই ইংগিত দিয়ে, ফটোখন গাজীপুৰ সীমান্তৰ।

বাতৰিটোত প্ৰকাশ কৰা মতে, “কৃষকসকলে’ চৰকাৰৰ কৃষক আইনৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলন সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছে। জনপ্ৰিয় পপষ্টাৰ ৰিহানা আৰু পৰিবেশ কৰ্মী গ্ৰেটা থানবাগে টুইটযোগেও এই আন্দোলনৰ সমৰ্থন কৰিছে। বিৰোধীসকলেও এয়া ভাৰতৰ সন্মানত আঘাত বুলিও অভিহিত কৰিছে ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চলা এই প্ৰচাৰ সমূহলৈ আওকান কৰিছে।”
আৰু অধিক অনুসন্ধানত আমি এলামী,ত ২০২১ৰ ৩ ফেব্ৰুৱাৰীত প্ৰচাৰ কৰা একেখন ফটো দেখা পালো ফটোখনৰ বিৱৰণিত লিখা আছে: “গাজীপুৰ সীমান্তত সংঘৰ্ষ ৰোধৰ বাবে আৰক্ষী বাহিনী সষ্টম। গাজীপুৰ সীমান্তত চলি থকা কৃষক বিদ্ৰোহ ৰোধ কৰিবলৈ আৰক্ষীয়ে বেৰিকেড বান্ধিছে।দিল্লী আৰক্ষয়ে বিদ্ৰোহীসকল যাতে আগবাঢ়িব নোৱাৰে তাৰ বাবে কংক্ৰিট, কাইটীয়া তাঁৰৰ বেৰিকেড বান্ধি দিল্লীৰ সীমান্ত ছীল কৰি দিছে।” ইয়েই স্পষ্ট কৰে ফটোখন গাজীপুৰৰ আৰু পুৰণি।

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ২০২১ৰ কৃষক বিদ্ৰোহৰ ফটোকেই শেহতীয়া আন্দোলনৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
