SpaceX Dragon capsule যানেৰে পৃথিৱীলৈ ওভতাৰ পাছত NASAৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু SpaceXৰ অধ্যক্ষ ইলন মাস্কৰ সৈতে তোলা ফটো এখন সামাজিক মাধ্যমত সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হৈছে। প্ৰচাৰ কৰা হৈছে যে ৯মাহ মাহাকাশত আবদ্ধ হৈ থকাৰ পাছত পৃথিৱীলৈ ওভতাৰ পাছত ট্ৰাম্প আৰু মাস্কে তেওঁলোকক অভিনন্দন জনাইছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব। আন এটা পোষ্ট ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই ফতো এআইৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন কৰে।
পুংখানুপুংখভাৱে অনুসন্ধান কৰাৰ পাছতো নাছা, স্পেচএক্স, ইলন মাস্ক বা ড’নাল্ড ট্ৰাম্পৰ তৰফৰ পৰা এই ঘটনা সন্দৰ্ভতনিশ্চিত কৰা কোনো বৈধ বাতৰি বা আনুষ্ঠানিক স্বীকাৰোক্তি পোৱা নগ’ল। এই ছবিখন প্ৰকৃত হোৱা হ’লে এই সন্দৰ্ভত বিশ্বৰ মূলসুঁতিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিলেহেঁতেন আৰু চৰকাৰী সূত্ৰই শ্বেয়াৰ কৰিলেহেঁতেন।
প্ৰথম দৃষ্টিত ছবিখন সঁচা যেন লাগিলেও, সুক্ষ্মভাবে চালে ইয়াত এআইৰ দ্ৱাৰা নিৰ্মাণ কৰাৰ আভা, পোৱা দেখা যায়। এই বোৰৰ ভিতৰত — মুখৰ অস্বাভাৱিকতা, অসামঞ্জস্যপূৰ্ণ পোহৰ, পটভূমিত অসংলগ্ন টেক্সচাৰৰ মিশ্ৰণ, আৰু সৰু-সুৰা বিসংগতি।

আৰু অধিক স্পষ্ট কৰাৰ বাবে আমি AI ধৰা পেলোৱা সজুলি Verifye আৰু Hive Moderationসঁজুলিসমূহৰ জৰিয়তে ছৱিবোৰৰ প্ৰকৃত তথ্য উদঘাটনৰ চেষ্টা কৰিলোঁ। পাছত এই সজুলিসমূহে নিশ্চিত কৰিছিল যে ছবিসমূহ ডিজিটেলভাৱে সৃষ্টি কৰা হৈছে।


এই তথ্যৰ ভিত্তিত এইদৰেই সামৰণি মাৰিব পাৰো যে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰক ডোনাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ সৈতে তোলা বুলি দাবী কৰা ভাইৰেল ছবিখন ডিজিটেলভাবে প্ৰস্তুত কৰা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
