২০২৫ৰ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহা কুম্ভ মেলা সমাপ্ত হোৱাৰ পথত। এনে সময়তে এটা ভিডিও ভাইৰেল হৈছে, য’ত দাবী কৰা হৈছে যে জিলা আয়ুক্ত এজনে ভিআইপি হিচাপে এই অনুষ্ঠান উপভোগ কৰাৰ বাবে চৰিওৱা হৈছে।
ক্লিপটোত মাইক্ৰ’ফোন লৈ থকা এজন লোকে ভিৰৰ মাজত এখন ক’লা ৰঙৰ গাড়ী ৰখোৱা দেখা গৈছে। এই ভিৰৰ মাজেৰে গাড়ীখন কিয় নিয়া হৈছে বুলিও প্ৰশ্ন কৰিছিল মানুহজনে। তাৰ প্ৰত্যুত্তৰত গাড়ীচালক জনে গাড়ীৰ পাছৰ ছীটত ভিআইপি বহি থকা বুলি জনায়। লগে লগে মানুহজনে কয়, “ভগৱানৰ স্থানত কোনো VIPs নহয়।” অলপ পাছত গাড়ীখনৰ পৰা এজন লোক নামি আহি নিজকে জিলা আয়ুক্ত বুলি চিনাকি দিয়ে। কোনো কথাৰ অৱতাৰণা নকৰাকে মাইক্ৰ’ফোন লৈ থকা মানুহজনে তেওঁক চৰিয়াই দিয়ে। এজন আৰক্ষীৰ লোকে মধ্যস্থতা কৰে, এনে সময়ত মানুহজনে গেৰুৱা কাপোৰেৰে মুখ ঢাকি কয়: ‘মহা কুম্ভলৈ স্বাগতম, এনেদৰেই নিয়ম ভঙা VIP বোৰক ব্যৱহাৰ কৰিব লাগে।’”

ওপৰৰ পোষ্টটো ইয়াত আছে (আৰ্কাইভ)।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কীপ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি হৰ্ষ ৰাজপুতৰ ইউটিউব চেনেলত একে ধৰণৰ এটা ভিডিও দেখা পালো। এই ভিডিওটোৰ ৪:১৫ মিনিটত ভাইৰেল হোৱা ভিডিওটো দেখা গ’ল। ভিডিওটোৰ আৰম্ভনিতে ইংৰাজীতে স্পষ্টীকৰণ দিয় হৈছে যে এই ভিডিওৰ ঘটনা নাটকীয়।
ইয়াৰোপৰি, ফুটেজত থকা কেইবাটাও কথাই এয়া যে সম্পাদিত সেয়া স্পষ্ট কৰে। মহা কুম্ভত আইআইটি বাব, এখন হাত দাঙি থকা বাবাকে ধৰি বহুকেইটা সম্পাদিত ভিডিও ভাইৰেল হৈছে, আলোচিত ভিডিওটোও তেনে ধৰণৰেই সম্পাদিত বুলি ভবাৰ থল আছে।

এনেদৰেই, মহাকুম্ভত জিলা আয়ুক্তক চৰিওৱা বুলি দাৱী কৰা ভিডিওটো যে নাটকীয় সেয়া স্পষ্ট হয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
