সত্যতা নিৰূপণ : সদিল্লীত বৰুণ ধৱনক পিটিছিল নেকি? এই ভিডিওটোৰ অন্তৰালৰ সত্য ইয়াত পঢ়ক

0 325

অভিনেতা বৰুণ ধৱনৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে দাবী কৰা অনুসৰি বৰুণ ধৱনক দিল্লীত মানুহে পিটিছিল।

বহুতে ভিডিওটোৰ সৈতে কেপচনত লিখিছে : “দিল্লীত বৰুণ ধৱনক পিটন। 

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্যৱহাৰৰে ইণ্টাৰনেটত অনুসন্ধান কৰাত এই সন্দৰ্ভত কোনো বাতৰি দেখা নাপালো। ধৱনৰ দৰে জনপ্ৰিয় অভিনেতা এজনৰ সৈতে এনে ঘটনা সংঘটিত হ’লে নিষ্চয় সংবাদ মাদ্যমে ইয়াৰ বাতৰি প্ৰচাৰ কৰিলেহেঁতেন।

ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি বলিউডৰ পাপাৰজী ভাৰিন্দৰ চাওলাই ২০২৫ৰ ২৮ ফেব্ৰুৱাৰীত আপলোড কৰা পূৰ্ণ পৰ্যায়ৰ ভিডিওটো দেখা পালো। ভিডিওটোত বৰুণক খোজ কাঢ়ি থকা আৰু তেওঁৰ অনুৰাগী আৰু ফটোগ্ৰাফাৰসকলে ফটো লৈ থকা দেখা গৈছে। কোনেও আক্ৰমণ কৰা তাত দেখা পোৱা নাই।

একেটা ভিডিও  The Indian Express ২৮ পেব্ৰুৱাৰী, ২০২৫ ত আপলোড কৰা দেখা পালো। ভিডিওটোৰ শিৰোনাম আছিল ‘‘ভাৰ্ছোলা জেট্টিত দেখা গ’ল বৰুণ ধৱনক।’’ ইয়াৰোপৰি filmymantramediaতো ২৭ ফেব্ৰুৱাৰী ২০২৫ত এই ভিডিওটো আপলোড কৰা হৈছে, তাৰ বিৱৰণিত এয়া ‘‘হোলীৰ ৰং’’ বুলি কোৱা হৈছে। 

এনেদৰেই  দিল্লীত বৰুণ ধৱনক আক্ৰমণ কৰা বুলি প্ৰচাৰ হোৱা পোষ্টবোৰ যে ভুৱা সেয়া প্ৰমাণ হয়। প্ৰকৃততে এয়া হোলীৰ সময়ত মুম্বাইত লোৱা ভিডিওহে।