প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত চৰকাৰী বাহনৰ সলনি ভাড়া মৰা গাড়ী অৰ্থাৎ টেক্সীৰে আদৰণি জনোৱা বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত PM মোদীক খোল খাই থকা ক’লা ৰঙৰ গাড়ী এখন কাষত থিয় হৈ থকা দেখা গৈছে। গাড়ীখনৰ নম্বৰ প্লেটৰ তলত নীলা প্লেট এখনত টেক্সী বুলি লিখা আছিল।
ফটোখন ফেছবুকত শ্বেয়াৰ কৰি কেপচনত লিখিছে : ফ্ৰানসবাসী আমাৰ বিশ্ব গুৰুক এনেদৰে অপমানিত নকৰিবা, টেক্সীৰে তেওঁক নিব নালাগিছিল____ #ShardaShinde @হাইলাইট

ওপৰৰ পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
সুক্ষ্মভাবে পৰীক্ষা কৰাত ফটোখনৰ সৈতে থকা সৰু লেখা এটা দেখিলো, তাত আছে “La prima app in Italia per i taxi”, অৰ্থাৎ “ইটালিত টেক্সীৰ বাবে প্ৰথমটো এপ।” মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত জানিব পৰা গ’লহে ফ্ৰান্সত নহয়, ইটালীতহে টেক্সী সেৱা সন্দৰ্ভত এটা এপ মুকলি কৰা ফটোহে সেইখন।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ অনুসন্ধানত আমি ৩০ অক্টোৱৰ ২০২১ত ANIৰ দ্বাৰা আপলোড কৰা এখন ফটো দেখা পালো। তাৰ কেপচনত আছিল: “PM মোদীয়ে পোপ ফ্ৰেন্সিছক সাক্ষাৎ কৰিবলৈ ভেটিকান চিটিত উপস্থিত হৈছে।”
Prime Minister Narendra Modi arrives at the Vatican City to meet Pope Francis pic.twitter.com/rWCNxl7mVI
— ANI (@ANI) October 30, 2021
ANIৰ মূল ফটোখনৰ সৈতে ভাইৰেল পোষ্টৰ ফটোখন ৰিজাই চোৱাত ফটোখন কিদৰে ডিজিটেল মাধ্যমেৰে সম্পাদনা কৰি টেক্সী প্লেট এখন লগাই দিয়া হৈছিল সেয়া সেয়া স্পষ্ট হয়। PM মোদীৰ জাপান ভ্ৰমণৰ প্ৰকৃত ফটো আৰু ভিডিওবোৰত মোদীক যথাৰীতি আদৰণি জনোৱা দেখা যায়।

এনেদৰেই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে টেক্সী এখনৰ কাষত প্ৰধানমন্ত্ৰী মোদী থিয় হৈ থকা ফটোখন ডিজিটেল মাধ্যমেৰে সম্পাদনা কৰা ফটো আৰু ইয়াৰ সৈতে কৰা দাবীও ভুৱা।

