সত্যতা নিৰূপণ : সগ্ৰীণলেণ্ডৰ পুৰণি ভিডিওকেই ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্প আৰু ছুনামিৰ দৃশ্য বুলি প্ৰচাৰ কৰিছে

0 269

বৃহৎ ঢৌৱে সাগৰৰ নাওঁসমূহ উটুৱাই নিয়া আৰু সাগৰ তীৰত মানুহে ইফালে সিফালে দৌৰা-দৌৰ কৰি থকা দৃশ্ৎ এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে।  দাবী কৰা হৈছে যে এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্প আৰু তাৰ পৰৱৰ্তী সময়ত হোৱা ছুনামিৰ দৃশ্য।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছেঃ ব্ৰেকিং নিউজঃ 

৮.৭ ৰিখটাৰ স্কেলৰ এটা প্ৰচণ্ড ভূমিকম্পই ৰাছিয়াৰ কামচাটকা উপদ্বীপক জোকাৰি গৈছে। এটা প্ৰচণ্ড ভূমিকম্পই কামচাটকা উপদ্বীপক জোকাৰি যোৱাৰ পাছত সাগৰত ছুনামিৰ সৃষ্টি হয়। ইতিমধ্যে ছুনামিৰ ঢৌ ৰাছিয়া আৰু জাপানৰ একাংশলৈ বিস্তাৰিত হৈছে। ক্ষতিগ্ৰস্ত সকললৈ আমাৰ সমবেদনা। আমাৰ উপদেশ মানি ওখ স্থানলৈ স্থানান্তৰিত হওক। কুশলে থাকক, সজাগ থাকক।


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২১ৰ ৯ এপ্ৰিলৰ এটা বাতৰি লাভ কৰিলে। বাতৰিটোত উল্লেখ কৰা মতে এই দৃশ্যসমূহ ২০১৭ চনৰ ১৭ জুনৰ। গ্ৰীণলেণ্ডৰ উমিয়াম্মাক্কু নুনাতত সংঘটিত ভূমিকম্প আৰু ছুনামিৰ দৃশ্য এয়া। ছুনামিৰ বাবে ভূমিস্খলন হোৱাত সাগৰৰ তীৰত থকা লোকসকলে দৌৰা-দৌৰি কৰিছে।  গ্ৰীণলেণ্ডৰ পশ্চিম উপকূলত সংঘটিত হৈছিল এই ঘটনা। 

২০১৭ চনৰ বিবিচিত প্ৰচাৰিত এটা বাতৰিত প্ৰকাশ যেগ্ৰীণলেণ্ডৰ পশ্চিম উপকূলৰ এই ছুনামিৰ ঘটনাত চাৰিজন লোক নিৰুদ্দেশ হৈছিল। ছুনামিৰ ঢৌত উটি গৈছিল নুগাৎছিয়াক গাঁৱৰ ১১টাকৈ ঘৰ।   

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটোত দেখুওৱা ছুনামিৰ ধ্বংসৰ দৃশ্য ৰাছিয়াৰ নহয়। পোষ্টটোত কৰা দাবী অসত্য।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799