সত্যতা নিৰূপণ: সখান ছাৰৰ পত্নীয়ে মুখ দেখুওৱা ভিডিওটো AIৰ দ্বাৰা সম্পাদিত

0 234

বিহাৰৰ জনপ্ৰিয় শিক্ষাবিদখান ছাৰৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত খান ছাৰৰ পত্নীয়ে মুখ ঢাকি ৰখা ওৰণিখন দাঙি তেওঁৰ মুখখন দেখুওৱা দৈখা গৈছে।

দেশৰ অন্যতম বিখ্যাত শিক্ষাবিদ খান ছাৰৰ ব্যক্তিগত জীৱনৰ কথাবোৰে শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।  শেহতীয়াকৈ তেওঁ বিয়া হোৱা বুলি প্ৰকাশ কৰি সকলোকে আচৰিত কৰিছিল।  ২ জুনৰ দিলা খান ছাৰে পাটনাত এটা বিশাল পাৰ্টীৰ আয়োজন কৰিছিল। তাতেই তেওঁ অভ্যাগতসকলৰ আগত আনুষ্ঠানিক ভাবে তেওঁৰ পত্নী এএছ খানক চিনাকি কৰাই দিছিল।

একে ধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্ৎৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত  নিউজ মোবাইলৰ  দলে খান ছাৰৰ বিবাহৰ অভ্যৰ্থনাত তেওঁৰ পত্নীয়ে মুখ দেখুওৱা সম্পৰ্কীয় কোনো বাতৰি লাভ নকৰিলে।  সূত্ৰ অনুসৰি খান ছাৰ তেওঁৰ পত্নীৰ বাবে নহয়, ট্ৰ’লৰ বাবেহে সামাজিক মাধ্যমত বহুল ভাবে চৰ্চিত ব্যক্তি। অনুষ্ঠানৰ সম্পূৰ্ণ সময় চোৱাত তেওঁৰ পত্নীয়ে মুখ ঢাকি ৰাখিছিল।  AajTak আৰু Moneycontrol ৰ দৰে সম্ভ্ৰান্ত সংবাদ গোষ্ঠীয়েও  প্ৰকাশ কৰিছে যে অনুষ্ঠানটোত খান ছাৰৰ পত্নীয়ে মুখ ঢাকি ৰাখিছিল আৰু এবাৰলৈও ৰাজহুৱাকৈ মুখ দেখুওৱা নাছিল। 

 আজ টকৰ  বাতৰিত প্ৰকাশ যে বিজেপিৰ বিধায়ক হৰিভূষণ ঠাকুৰ বাচাউলে খান ছাৰৰ পত্নীয়ে মুখ ঢাকি ৰখাৰ বাবে তেওঁৰ ইচলামৰ মনোবৃত্তিক সমালোচনা কৰিছিল।  বিধায়ক জনৰে সমালোচনাত কয়, এজন শিক্ষিত ব্যক্তি হৈও খাল ছাৰে তেওঁৰ পত্নীৰ অধিকাৰ খৰ্ব কৰিছে। পত্নীক সামাজিক ভাবে নেদেখুৱা, মুখ ঢাকি ৰখাৰ বাবে আনকি তেওঁক সমালোচনা কৰি কয় যে এনে আচৰণেৰে খান ছাৰে নিজকে শিক্ষিত বুলি কৈ সমাজক বিভ্ৰান্তহে কৰিছে।   

অবশ্যে ক্লিপটো সুক্ষ্মভাবে নিৰীক্ষণ কৰাত ভিডিওটোত আমি @newz_yatra ৰ নিজা  Instagram handle ৰ ৱাটাৰ মাৰ্ক দেখা পালো। তেওঁলোকে এই ভিডিওটো ২০২৫ৰ ৬ জুনত প্ৰচাৰ কৰিছিল আৰু ভিডিওটো AIৰ দ্বাৰা সম্পাদিত বুলি প্ৰকাশ কৰিছিল।

ইয়াৰোপৰি আমি ভিডিওটো AI  নিৰ্ধাৰণ কৰা সজুলি হাইভ ম’ডাৰেচনৰ দ্বাৰা পৰীক্ষা কৰাত এয়া AIৰ দ্বাৰা সম্পাদিত বুলি স্পষ্ট হয়।

এনেদৰেই স্পষ্ট হয়, খান ছাৰৰ পত্নীয়ে ৰাজহুৱাকৈ মুখ দেখুওৱা বুলি দাবী কৰা ভিডিওটো  AIৰ দ্বাৰা সম্পাদিতহে।