সত্যতা নিৰূপণ : লিভাৰপুল এফচিৰ বেনাৰত ইজৰাইলক সমৰ্থন কৰা বুলি প্ৰচাৰ কৰা ডিজিটেল মাধ্যমেৰে সম্পাদনা ফটোখনক লৈ বিভ্ৰান্ত নহ’ব

0 337

ইজৰাইল-গাজাৰ মাজত চলি থকা সংঘৰ্ষৰ সময়তে সামাজিক মাধ্যমত এখন ফটোৱে বিশেষ  গুৰুত্ব লাভ কৰিছে। বিভিন্ন পোষ্টত দাবী কৰা হৈছে যে বিখ্যাত ফুটবল ক্লাব লিভাৰপুল এফচিৰ বেনাৰত ইজৰাইলক সমৰ্থন কৰা বুলি লিখা আছে।

বেনাৰখনত স্পষ্টভাবে লিখা আছে ‘‘ইজৰাইল, তুমি অকলশৰীয়া নহয়’’- যাৰ ইংগিত হ’ল দেশ খনলৈ সমৰ্থন জনোৱা।

ইৰাণী নায়ক-নায়িকাৰ   ফেচবুক পোষ্ট ত ভাইৰেল ফটোখন সন্নিবিষ্ট কৰা হৈছে। তাৰ কেপচনত লিখা আছে ‘‘ইজৰাইল, তুমি অকলশৰীয়া নহয়’’। এই পোষ্টটোৱে ৪৬ হাজাৰ লাইক লাভ কৰিছে।

একে ধৰণৰ ফেচৱুক পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্ছত দিয়াত ফুটবল ক্লাবটো বা কোনো সংবাদ মাধ্যমে এই সন্দৰ্ভত কোনো তথ্য প্ৰচাৰ কৰা দেখা নাপালো। আনকি লিৱাৰপুল এফচিৰ নিজা সমাজিক মাধ্যম হেণ্ডেলতো কোনো তথ্য প্ৰচাৰ কৰা নাছিল।

যি সময়ত লিভাৰপুল এফচিৰ বেনাৰত ইজৰাইল-গাজা সংঘৰ্ষৰ কথা সন্নিবিষ্ট কৰা নকৰা সন্দৰ্ভত আলোচনা চলি আছিল সেই সময়তে ইজৰাইলক সমৰ্থন জনোৱা এই বেনাৰখনৰ সত্যতা সন্দৰ্ভত কোনো তথ্য নাই।  লিভাৰপুল ইক’ত প্ৰকাশ পোৱা মতে লিভাৰপুল এফচিয়ে তেওঁলোকৰ বেনাৰত ইজৰাইল বা গাজা ,ন্দৰ্ভৰ কোনো কথাই সন্নিবিষ্ট নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল। তেওঁলোকৰ সমৰ্থকসকলৰ মাজত যাতে কোনো ঘৰণৰ সংঘাতৰ সৃষ্টি নহয়, তাৰ বাবেই লোৱা হৈছিল এই সিদ্ধান্ত।

 ইয়াৰোপৰি, বেনাৰখন সুক্ষ্মভাবে চালে দেখা যায় যে বেলাৰখনৰ বেকগ্ৰাউণ্ড স্পষ্ট নহয়। আখৰৰ ফণ্টো মূল বেনাৰৰ ফণ্টৰ সৈতে নিমিলে।

এনেদৰেই স্পষ্ট হয় বিক্যাত ক্লাবটোৱে ইজৰাইলক সমৰ্থন কৰা বুলি প্ৰচাৰ কৰা বেনাৰখন ভুৱা, সম্পাদিত।