সত্যতা নিৰূপণ : লাদাখ আৰক্ষী সঞ্চালক প্ৰধান সিঙৰ ছোনাম ৱাংচুকৰ গ্ৰেপ্তাৰৰ স্বীকাৰোক্তি দেখুৱাই থকা ভিডিঅ’টো ডীপফে’ক

0 380

২০২৫ চনৰ ২৪ ছেপ্তেম্বৰ লাডাখত হোৱা হিংসাত্মক প্ৰতিবাদৰ পিছত উত্তেজনামূলক পৰিস্থিতিৰ মাজত, এটা ভিডিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিওটোত দাবী কৰা হৈছে যে লাডাখৰ আৰক্ষী সঞ্চালক প্ৰধান ড° এছ. ডি. সিঙে ছোনাম ৱাংচুকৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল বুলি স্বীকাৰ কৰিছে, কিন্তু তেখেতক প্ৰতিৰক্ষা মন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছিল। ভিডিওটোত DGP-য়ে কাশ্মীৰবাসীৰ ওচৰত ক্ষমা বিচাৰিছে বুলিও দাবী কৰিছে।

ওপৰৰ পোষ্ট. (আৰ্কাইভ)টো ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ভিডিওটোৰ ওপৰৰ ফালে The New Indian Express (TNIE)-ৰ লোগো দেখা যায়। সংবাদ প্ৰতিষ্ঠানটোৰেই নিজা YouTube চেনেলত ২০২৫ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে মূল ভিডিওটো আপল’ড কৰিছিল।  ইয়াৰ শিৰোনামত আছে — “লাডাখৰ DGPয়ে ৱাংছুকৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে, আৰক্ষীয়ে গুলীচালনা কৰিব লগা হোৱা পৰিস্থিতি সন্দৰ্ভতো আত্মপক্ষ সমৰ্থন কৰি বক্তব্য প্ৰকাশ কৰিছে।” তথ্য পৰ্যালোচনাৰে দেখা গ’ল যে ভাইৰেল হোৱা অংশটো মূল ভিডিঅ’ৰ ২:১৭ মিনিটৰ DGP-য়ে লাডাখৰ স্থানীয় লোকৰ সংৰক্ষণ সম্পৰ্কে কৈছিল। কোনো অৱস্থাতেই তেওঁ ছোনাম ৱাংচুকক প্ৰমাণবিহীনভাৱে ৰক্ষা মন্ত্ৰীৰ আদেশত গ্ৰেপ্তাৰ কৰা হৈছিল বা কাশ্মীৰবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল বুলি কোৱা নাছিল। তেওঁৰ মন্তব্য মূলতঃ ২৪ ছেপ্তেম্বৰ লেহৰ প্ৰতিবাদ, তাত হোৱা ৪ জনৰ মৃত্যু আৰু বহু আহতৰ কথা আৰু ৱাংচুকৰ আটক সম্পর্কীয় পৰিস্থিতিত কেন্দ্ৰিত আছিল।

ইয়াৰোপৰি ভাইৰেল ভিডিওটো Hiya Voice Detection Tool-ৰ মাধ্যমে বিশ্লেষণ কৰাত দেখা গ’ল যে ভিডিঅ’টোৰ শব্দ কৃত্ৰিমভাৱে সম্পাদনা কৰা, অৰ্থাৎ ই এটা ডীপফেইক।

২০২৫ চনৰ ৩০ ছেপ্তেম্বৰ তাৰিখৰ PIBৰ সত্যতা নিৰূপণতো  এই পৰ্যবেক্ষণক সমৰ্থন কৰিছে। পিআইবিৰ বিবৃতিত স্পষ্টকৈ জনোৱা হৈছে যে ভাইৰেল হৈ থকা ভিডিওটো ডিজিটেলভাৱে সলনি কৰা আৰু DGP সিঙৰ মন্তব্যক ভুলকৈউপস্থাপন কৰিছে। AI-দ্বাৰা সৃষ্ট বিভ্ৰান্তিমূলক তথ্য জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এই ভিডিওটো ব্যৱহাৰ কৰা হৈছে আৰু এনে ভিডিও শ্বেয়াৰ নকৰিবলৈও আহ্বান জনাইছে সংবাদ প্ৰতিষ্ঠানটোৱে।

ওপৰৰ সকলো তথ্যৰ ভিত্তিত স্পষ্ট হয় যে লাডাখ আৰক্ষী সঞ্চালক প্ৰধানৰ ভাইৰেল ভিডিঅ’টো পৰিবৰ্তিত আৰু সম্পূৰ্ণভাৱে কৃত্ৰিম।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799