মোহন ভাগৱত নেতৃত্বাধীন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ বুলি দাবী কৰা এটা ভিডিওত সংঘই I.N.D. A. বা বিৰোধী ঐক্যক সমৰ্থন কৰা বুলি দাবী কৰা হৈছে আৰু ইয়াৰ বহুল প্ৰচাৰ হৈছে।
ভিডিওটোৰ সৈতে হিন্দীতে থকা কেপচনত আছে: দেশজুৰি RSS (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ) ই দিলে INDIA ঐক্যক সমৰ্থন। সমগ্ৰ দেশৰ সংঘ পৰিয়ালৰ সদস্যক INDIA মিত্ৰদলৰ সমৰ্থনত ভোট দিবলৈ আহ্বান জনাইছে।সংঘই দিলে হুংকাৰ উভালিব মোদী চৰকাৰ।

ওপৰৰ পোষ্টটো ইয়াত পাব। একেধৰণৰ আন এটা পোষ্ট ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
প্ৰথমবাৰ চোৱাৰ লগে লগে ভিডিওৰ ওপৰৰ সোঁকোণৰ ফালে ‘আৱাজ ইণ্ডিয়া’ৰ লোগো দেখা পালো।

এই তথ্যৰ ভিত্তিত আমি কী ৱৰ্ড (মূল শব্দ) ব্যৱহাৰ কৰি অনুসন্ধান কৰাত ভিডিওটোৰ পূৰ্ণ দৈৰ্ঘ অংশ আৱাজ ইণ্ডিয়া টিভিৰ ইউটিউব চেনলত দেখা পালো। ভিডিওটো ২৪ মাৰ্চ, ২০২৪ত আপলোড কৰা হৈছিল।
আলোচিত ভিডিও খিনি মূল ভিডিওৰ ০০:৩৪ মিনিটৰ পৰা ২:৫৩মিনিট ত দেখা গৈছে। ভালদৰে চোৱাত দেখা গ’ল ভিডিওটোত থকা Chief প্ৰধানজন জনাৰ্দন মুন। একেদৰে ভিডিওটোৰ বিৱৰণিত ভিডিওটোত উল্লেখিত RSS মোহন ভাগৱত নেতৃত্বৰ RSSতকৈ পৃথক বুলি প্ৰকাশ আছে।

হিন্দীতে থকা বিৱৰণিত আছে: “যিসকলে “RSS” এ INDIA মিত্ৰজোঁটক সমৰ্থন জনোৱাৰ বাবে আচৰিত হৈছে তেওঁলোকক জনাই দিয়া হ’ল যে আমাৰ দেশত RSSৰ দুটা সংগঠন আছে। এটা অনলাইন যোগে পঞ্জীয়ন কৰা, আনটো পঞ্জীয়ন নকৰোৱা, সেইটোৰ সংঘসঞ্চালক মোহন ভাগৱত। অনুগ্ৰহ কৰি ভ্ৰমিত নহ’ব।”
জনাৰ্দন মুনে নেতৃত্ব দিয়া RSS ২০১৭ চনত গঠিত হৈছিল কিন্তু পঞ্জীভুক্ত.হব নোৱাৰিলে। আনহাতে মোহন ভাগৱতে নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) গঠন হৈছিল ১৯২৫ চনত।.
আমি মোহন ভাগৱতে নেতৃত্ব দিয়া RSS ৰ ৱেবছাইট আৰু সামাজিক মাধ্যমৰ শিৰোনামসমূহ ভালদৰে পৰীক্ষা কৰিলো, ক’তো কিন্তু মোহন ভাগৱতে নেতৃত্ব দিয়া RSS –এ I.N.D.I.A মিত্ৰজোঁটক সমৰ্থন জনোৱা সন্দৰ্ভত কোনো তথ্যই লাভ নকৰিলো।
এনেদৰেই এই তথ্যসমূহে প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো বিভ্ৰান্তিকৰ তথ্যৰে মোহন ভাগৱতে নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)এ I.N.D.I.A মিত্ৰজোঁটক সমৰ্থন জনোৱা বুলি প্ৰচাৰ কৰা হৈছিল, প্ৰকৃততে জনাৰ্দন মুন নেতৃত্বাধীন RSS-এহে I.N.D.I.A মিত্ৰজোঁটক সমৰ্থন জনাইছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799
