এগৰাকী ছোৱালীকৰ ওপৰ যৌন উৎপীৰণ চলাই তেওঁৰ ফটো তুলি ভাইৰেল এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এই ভিডিওটোক সাম্প্ৰদায়িক হৰণ সানি দাবী কৰিছে যে অসম আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এজন মুছলমান সম্প্ৰদায়ৰ যুবকক গ্ৰেপ্তাৰ কৰিছে।
ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: স্কুলৰ সমবেশ পৰিহিতা এগৰাকী ছাত্ৰীক কৰা অশালীন ব্যৱহাৰ, স্কাৰ্ট পৰিহিতা ছাত্ৰীগৰাকীয়ে ছিৰি বগাই যাওতে গ্ৰহণ কৰা ফটো ভাইৰেল কৰি চূড়ান্ত অসভ্যামি কৰাৰ বাবে অসম পুলিচে এইজন যুবকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সোধাপোচাত অভিযুক্তই এই ফটো আৰু ভিডিও ছাত্ৰীগৰাকীক ব্লেকমেইল কৰাৰ বাবে সংগ্ৰহ কৰিছিল বুলি জনায়।

ওপৰৰ পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
এই সন্দৰ্ভত,বিশদ ভাবে জনাৰ বাবে অবুসন্ধান কৰাত নিউজ মোবাইলে ২৯ মে’ত Northeast Liveত সম্প্ৰচাৰিত এটা বাতৰি লাভ কৰিলে। বাতৰিটোত প্ৰকাশ কৰা মতে অভিযুক্তজনে ছাত্ৰীগৰাকীৰ স্কাৰটটো দাঙি ফটো লৈছিল। পূব খাছী পাহাৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ দলে অনুসন্ধান চলাই ১৯ মে’ত পুলিচ বজাৰৰ সমীপৰ পৰা গগৈ উপাধিৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।
ঘটনা সন্দৰ্ভতTimes of India ৰ ৩০মে’ৰ সংখ্যাত প্ৰকাশ কৰা বাতৰি অনুসৰি এই ঘটনাটো সংঘটিত হয় ২৩ মে’ত, উমছ’হচানৰ YWCA ৰ সমীপত। এই সন্দৰ্ভত এটা গোচৰু ৰুজু কৰা হৈছিল। আৰক্ষী অধীক্ষক বিবেকৰ এটা ভিডিও পোষ্ট দুৰদৰ্শনৰ নিজা টুইটাৰ হেণ্ডেলতো প্ৰচাৰ কৰা হৈছিল। এই ভিডিওটোত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে অনুসন্ধান চলাই থকা বুলি স্পষ্ট কৰা হয়।
A special team of East Khasi Hills police today apprehended one Himan Gogoi, a 24-yr-old man hailing from Jorhat in Assam, for allegedly sexually assaulting a school girl by lifting her apparel taking photographs through his mobile phone on May 21. pic.twitter.com/LWcYowibY8
— DD News Meghalaya (@ddnewsshillong) May 29, 2025
এনেদৰেই এয়া স্পষ্ট হয়, এই ঘটনাৰ সৈতে অসম পুলিচক সাঙোৰা ঘটনাটো সন্দৰ্ভত দিয়া বিৱৰণ শুদ্ধ নহয়। ঘটনাটো মেঘালয়ৰ আৰু ইয়াৰ সৈতে জড়িত অভি়ুক্তজন মুছলমান নহয়।

