সত্যতা নিৰূপণ : মুম্বাই মেট্ৰোৰ ভিডিও বুলি দাবী কৰা পোষ্টটোৰ ভিডিও AIৰ দ্বাৰা নিৰ্মীত

0 290

মুম্বাইত ১৩ আগষ্ট ২০২৫ত সংঘটিত মেট্ৰো ৰে’ল দুৰ্ঘটনাৰ ভিডিও বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

বাবুসোণা (babusona_1291995) নামৰ এজন জন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি এয়া মেট্ৰো ৰে’ল এখন দলঙৰ পৰা সৰি পৰা দৃশ্য বুলি দাবী কৰিছে।

একে ধৰণৰ পোষ্ট আন এজনেও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। সেই পোষ্টটো ইয়াত চাব পাব।   

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ভডিওটো AIৰ  দ্বাৰা বনোৱা বুলি নিশ্চিত কৰে।

ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ বাতৰি নিঃসন্দেহে মূলসূঁতিৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰিলে হয়, কিন্তু তেনে কোনো বাতৰি চকুত নপৰাটো আচৰিত কথা।  কিন্তু ভিডিওটো সুক্ষ্মভাবে চোৱাত নিউজ মোবাইলৰ দলে কেইবাটাও বিসংগতি দেখা পালে। মানুহৰ ভিৰৰ দৃশ্য আচহুৱা যেন লাগে আৰু মেট্ৰো দলংখনো কৃত্ৰিম যেন লাগে। এই বোৰেই ভিডিওটো AI ৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন কৰে। 

আনকি AI চিনাক্ত কৰা সজুলি কেণ্টিফ্লাক্সেও ভিডিওটো ডিজিটেল মাধ্যমেৰে সজোৱা বুলি প্ৰমাণ কৰে।

এনেদৰেই যে মুম্বাইৰ মেট্ৰো ৰে’ল এখন দলঙৰ পৰা পৰি যোৱা ভিডিওটো যে ডিজিটেল মাধ্যমেৰে সজোৱা সেয়া প্ৰতিপন্ন হয়।   

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799