সত্যতা নিৰূপণ: মহাত্মা গান্ধীয়ে বাবা ছাহেব আম্বেদকাৰৰ ভৰি চুই থকা ফটোখন মৰ্ফ কৰা

0 110

মহাত্মা গান্ধীয়ে বাবা ছাহেব আম্বেদকাৰৰ ভৰি চুই থকা এখন ফটো  সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখন ‘‘বিৰল’’ বুলি উল্লেখ কৰা হৈছে।

ওপৰৰ পোষ্ট. (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

গুগল লেন্স চাৰ্ছৰ দ্বাৰা অনুসন্ধান কৰি জানিবলৈ পোৱা গ’ল যে ভাইৰেল ফটোখন দুখন পৃথক ফটোৰ সংমিশ্ৰণ।  বাবাছাহেব আম্বেদকাৰ  মূল ফটোখনত তেওঁৰ সৈতে তেওঁৰ পত্নী ডঃ সৱিতা আম্বেদকাৰ, এজন আলধৰা আৰু তেওঁলোকৰ পোহনীয়া  কুকুৰটো দেখা গৈছে। তাত মহাত্মা গান্ধীৰ ফটো নথকাটোৱেই ভাইৰেল ফটোখন মৰ্ফ কৰাৰ ইংগিত দিয়ে।

  গান্ধীৰ ফটোখন সন্দৰ্ভত অনুসন্ধান কৰাত আমি ১৯৩০ চনৰ দান্দী যাত্ৰাৰ সময়ৰ এখন ফটো দেখা পালো। ফটোখনত গান্ধীয়ে হাউলি নিমখ তুলি থকা দেখা গৈছে, এইখন ফটোতো ক’তো আম্বেদকাৰৰ উপস্থিতি দেখা নাই।

২০১৪ৰ পৰাই এই সম্পাদিত ফটোখন সামাজিক মাধ্যমত প্ৰচাৰ কৰি থকা হৈছে। অবশ্যে প্ৰপ্ৰথম চাৰৰ নিৰ্দিষ্ট তাৰিখটো জানিব পৰা নাই।

এই তথ্যই প্ৰমাণ কৰে মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ভৰি চুই থকা বুলি দাৱী কৰা ফটোখন প্ৰকৃততে সম্পাদনা কৰি উলিওৱা ফটোহে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799