সত্যতা নিৰূপণ : ভোজপুৰি অভিনেতা খেসাৰী লাল যাদৱৰ সঁচাকৈ মৃত্যু হৈছে নেকি? ভাইৰেল দাবী বিভ্ৰান্তিকৰ

0 314

জনপ্ৰিয় ভোজপুৰি অভিনেতা আৰু গায়ক খেসাৰী লাল যাদৱৰ এখন গ্ৰাফিকছ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াত তেওঁ মৃত্যুবৰণ দাবী কৰা বুলি হৈছে। কেইবাটাও পোষ্টত লাল হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে বুলি উল্লেখ কৰা হৈছে। এই খবৰই তেওঁৰ অনুৰাগীসকলক বিমৰ্ষ কৰাৰ লগতে বিভ্ৰান্ত কৰি তুলিছে। বহু অনুৰাগীয়ে আবেগিক পোষ্ট শ্বেয়াৰ কৰি শ্রদ্ধাঞ্জলি জনাইছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে খেসাৰী লালৰ ফটো থকা গ্ৰাফিকছ শ্বেয়াৰ কৰিছে, য’ত “প্ৰসাত খেসাৰী লাল যাদব” বুলি লিখা আছে। কেপচনটোত লেখা আছিল: “খেসাৰী লাল যাদব তোমাৰ শূন্যতা সদায় অনুভব কৰিম। ভগৱানৰ পদ ছাঁয়াত তোমাৰ স্থান হওক।

ওপৰৰ পোষ্টটো ইয়াত. (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলে দেখা পায় যে ছবিখন মূলতে অভিনেতা-গায়ক খেসাৰী লাল যাদৱৰ নিজ X একাউণ্টৰ পৰা আহিছে। আচৰিতভাৱে, খেসাৰীয়ে ৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে একেই ছবিখন X-ত কৌতুকপূৰ্ণ ভাষ্যৰে শ্বেয়াৰ কৰি লিখিছিল: “মই জীয়াই আছোণ। আপোনালোকৰ ভাতৃ এতিয়াও জীয়াই আছে। ”

অধিক নিশ্চিত হোৱাৰ বাবে, তেওঁৰ নিজা ফেচবুক প্ৰফাইল পৰীক্ষা কৰা হয়। ১৮ অক্টোবৰ, ২০২৫ তাৰিখৰ সবশেষ পোষ্টত তেওঁ ৰাজনৈতিক অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা যায়। ইয়ে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে তেওঁ বৰ্তমানো জীৱিত আৰু সক্ৰিয়।

নিউজ 18  আৰু জী বিহাৰ-ঢাৰখণ্ডৰ ৯ অক্টোবৰ, ২০২৫ত প্ৰচাৰিত প্ৰতিবেদনেও নিশ্চিত কৰিছে যে তেওঁৰ মৃত্যুৰ দাবী কৰা ভাইৰেল পোষ্ট সম্পূৰ্ণ ভিত্তিহীন।

এনেদৰেই নিশ্চিত হয় যে খেসাৰী লাল যাদৱৰ মৃত্যুৰ বিষয়ে ভাইৰেল গ্ৰাফিকছটো সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬