ভিডিওটোত ভাৰতীয় সেনাৰ সেনাধ্যক্ষ (COAS) জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পৰিৱেশ কর্মী চোনম ৱাংছুকৰ ‘হাজোতত মৃত্যু’ৰ বাবে শোক প্ৰকাশ কৰা এটা বিশেষ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে। ভিডিওটোৰ উদ্বেগজনক শীৰোনামত কোৱা হৈছে ২৬ নৱেম্বৰ ২০২৫ত গ্ৰেপ্তাৰ কৰাৰ পাছত হাজোততে মৃত্যু হৈছে বাংছুকৰ আৰু ভাৰতৰ মুখ্য সেনাধ্যক্ষই ই.াৰ দুখ প্ৰকাশ কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
আমি কী-ৱৰ্ড প্ৰয়োগ কৰি অনুসন্ধান কৰাত ইণ্টাৰনেটত কোনোধৰণৰ চোনম ৱাংছুকৰ মৃত্যুৰ কথা নিশ্চিত কৰা বিশ্বাসযোগ্য লাভ নকৰিলো। লাডাখলৈ ৰাজ্যিক মর্যাদাৰ দাবীত চলা আন্দোলনৰ অভিযোগতগ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ বৰ্তমান জোধপুৰ কাৰাগৰত কাৰাবন্দী হৈ আছে। সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ ৱাংছুকৰ হাজোতত মৃত্যু সন্দৰ্ভৰ কোনো মন্তব্য নাই।
ভাইৰেল ভিডিওটো বিশ্লেষণ কৰি চোৱাত আমি তাত WION সংবাদ চেনেলৰ ল’গ’টো লক্ষ্য কৰিলো। এই তথ্যটোৰ ওপৰত ভিত্তি কৰি আমি WION-ৰ নিজা YouTube চেনেলত ২৭ নৱেম্বৰ ২০২৫-ত আপলোড কৰা মূল ভিডিওটো বিচাৰি উলিয়ালোঁ।
মূল ভিডিওটোত জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে চানক্য ডিফেন্স ডায়লগ (Chanakya Defence Dialogue)–ত অপাৰেচন সিন্দৰ সন্দৰ্ভত আলোচনা কৰিছিল। মূল ভিডিঅ’টোৰ কোনো অংশতেই চোনম ৱাংছুকৰ গ্ৰেপ্তাৰ বা তেওঁৰ হাজোতত মৃত্যুৰ কথা উল্লেখ কৰা নাই।
ভিডিওটো সুক্ষ্মভাবে পৰ্যালোচনা কৰাত আমি স্পষ্টভাৱে AI-সম্পাদনাৰ চিহ্ন দেখিলো। উদাহৰণ স্বৰূপে ওঁঠৰ লৰচৰ নোহোৱা বা বিসংগতি, কণ্ঠস্বৰৰ অস্বাভাৱিকতা, আৰু কথা কোৱাৰ সময়ত কথাৰ সৈতে মুখৰ মিল নথকা অস্বাভাৱিকভাৱে মসৃণ মুখাবয়ব আদি উল্লেখনীয়।
অধিক নিশ্চিত হ’বলৈ, আমি SightEngine AI-detection সঁজুলিৰ সহায়ত ভিডিঅ’টো পৰীক্ষা কৰিলো, য’ত ভিডিঅ’টো AI-দ্বাৰা সম্পাদিত বুলি সতর্ক কৰি দিয়া হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে ভাইৰেল ভিডিঅ’টো এটা ডিপফেক।

ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দিৱেদীয়ে চোনম ৱাংছুকৰ হাজোতত মৃত্যু হোৱাৰ দাবীৰে প্ৰচাৰিত ভিডিওটো ভুৱা।
বাংছুক জীৱিত আৰু সেনাধ্যক্ষই তেওঁৰ মৃত্যু সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ভাইৰেল ভিডিওটো ডিপফেক, ভুৱা।

