সামাজিক মাধ্যমত এটা ভাইৰেল ভিডিওত ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰক অপাৰেচন সিন্দুৰৰ সময়ত নৌসেনাক সীমিত কৰাৰ বাবে দোষাৰোপ কৰিছে ৱুলি অভোগ কৰাৰ দাবী কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সাম্প্ৰতিক পাকিস্তানৰ সৈতে সংঘৰ্ষত ভাৰতীয় বায়ুসেনাই ৱৃহত্ ক্ষতিৰ সন্মুখীন হৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি শিৰোনামত লিখিছে: ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে মোদী চৰকাৰক ৰাজনৈতিক ক্ষেত্ৰত কোনো ক্ষতি কৰাৰ অনুমতি নিদিয়াৰ বাবে দোষাৰোপ কৰিছে, যাৰ ফলত ভাৰতীয় বায়ুসেনাই বৃহত্ ক্ষতিৰ সন্মুখীন হৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কীফ্ৰেমসমূহক ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ভাৰতীয় নৌসেনাৰ নিজা ইউটিউব চেনেলত সম্পূৰ্ণ ভাষ্যৰ সৈতে মূল ক্লিপটো লাভ কৰিছিল। এই ভিডিওটো ২৬ আগষ্ট, ২০২৫ত আপলোড কৰা হৈছিল।
ভাইৰেল ভিডিওটোৰ ১:৫২:৩০ মিনিটত এডমিৰেল ত্ৰিপাঠীয়ে কয়, “মহাশয়, কিছুদিন পূৰ্বে আপুনি ভিক্ৰান্তৰ ডেকত ভাৰতীয় নৌসেনাক কৈছিল যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই। যদি পৰৱৰ্তী সময়ত প্ৰয়োজন হয়, তেন্তে আৰম্ভণি আমাৰ নৌসেনাৰ পৰা হ’ব। আজি মই ক’ব বিচাৰো যে উদয়গিৰি আৰু হিমগিৰিৰ দৰে অত্যাধুনিক প্লেটফৰ্মসমূহে আমাক শত্ৰুৰ বিৰুদ্ধে এটা প্ৰাৰম্ভিক নকআউট পাঞ্চ প্ৰদান কৰাত আৰু অধিক সক্ষম কৰি তুলিছে।”
নিউজ মোবাইলে প্ৰমাণ কৰিলে যে এডমিৰেল ত্ৰিপাঠীয়ে তেওঁৰ বক্তব্যত কতো চৰকাৰে অপাৰেচন সিন্দুৰৰ সময়ত নৌসেনাক হকাবাধা দয়াৰ সন্দৰ্ভতকোনো উল্লেখ কৰা নাই। ইয়াৰ উপৰিও, এআই-ভিত্তিক অডিঅ’ চিনাক্ত কৰা সঁজুলি Resemble AI ব্যৱহাৰ কৰি অডিও বিশ্লেষণ কৰি নিশ্চিত কৰা হৈছে যে ভাইৰেল ভিডিওত থকা কণ্ঠটো ডিজিটেল মাধ্যমেৰে সম্পাদনা কৰা হৈছে।

শেষত ক’ব পাৰি যে এডমিৰেল ত্ৰিপাঠীয়ে অপাৰেচন সিন্দুৰৰ সময়ত চৰকাৰে সামৰিক বাহিনীক হকাবাধা কৰাৰ বাবে দোষাৰোপ কৰা নাই। ভাইৰেল ভিডিওটোত কৰা দাবী মিছা।


If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799