ৰমজান মাহ চলি থকাৰ সময়তে ক্ৰিকেটাৰ বিৰাট কোহলীৰ বুলি প্ৰচাৰ কৰা এটা ভাষ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে কয় যে কোহলীয়ে এই ভাষ্যত কৈছে- “মুছলমান সকলোভাৰতৰে নাগৰিক আৰু তেওঁলোকৰো মুকলিকৈ উপাসনা কৰাৰ অধিকাৰ আছে।”
ধাৰাবাহিক পোষ্টতো এজন ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবীৰে পোষ্ট এটা শ্বেয়াৰ কৰিছে।

ওপৰৰ পোষ্টটোৰ বাবে ইয়াত (আৰ্কাইভ) ক্লিকক কৰক।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।
মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইল ৰ দলে এই সন্দৰ্ভত কোনো তথ্য বা বাতৰি দেখা নাপালে। বিৰাট কোহলীয়ে তেনে ভাষ্য প্ৰদান কৰিলে মূল সূতিৰ সংবাদ মাধ্যমে নিশ্চয় সেয়া প্ৰচাৰ কৰিলেহেঁতেন।
ইয়াৰোপৰি বিৰাট কোহলীৰ সামাজিক মাধ্যম একাউণ্ট (X, Instagram, আৰু Facebook) তো তেনে কোনো বিষয়ে কোনো ধৰণৰ প্ৰচাৰ কৰা দেখা নাপালো।

এনেদৰেই স্পষ্ট হয়, বিৰাট কোহলীয়ে তেনে কোনো ভাষ্য ক’তৱেই প্ৰদান কৰাই নাছিল। সেয়ে ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা।


If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799