সত্যতা নিৰূপণ : বিধ্বস্ত পথেৰে খোজ কাঢ়ি যোৱা ফটোখন উত্তৰ প্ৰদেশৰ নহয়

0 369

কেইটিমান শিশুৱে খালী ভৰিৰে বোকা- পানীৰে পৰিপূৰ্ণ এটা বিধ্বস্ত পথেৰে খোজ কাঢ়ি যোৱা এখন ফটো  এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে দাবী কৰিছে ?ে এয়া উত্তৰ প্ৰদেশৰ বিধ্বস্ত বাট-পথৰ নিদৰ্শন।

ফটোখন প্ৰচাৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে কেপচনত দিছে: “স্কুললৈ” যাবলৈ পথ বনাই দিয়া, আমি “মঙল”লৈ যোৱাৰ পথ সাজি ল’ম ..!!!উত্তৰ প্ৰদেশ চৰকাৰে স্কুলীয়া শিক্ষাৰ্থীয়ে খোজকাঢ়ি যাব পৰাকৈ ৰাস্তা নিৰ্মাণ কৰিব পৰা নাই। তাতকৈ স্কুলেই বুন্ধ কৰক, বাঁহো নাথাকিব, বাঁহীও নাথাকিব।  


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত চোৱাত নিউজ মোবাইলৰ  দলে একেখন ফটো ২০১৯ৰ ১৬ আগষ্টত দেনিক ভাস্কৰৰ এটা বাতৰিত দেখা পালো।  বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি এয়া মহাৰাষ্ট্ৰৰ গাড়চিৰ’লীৰ দৃশ্য।

এয়াই প্ৰমাণ কৰে. কণ কণ শিক্ষাৰ্থীয়ে খোজকাঢ়ি বিধ্বস্ত পথ এটাৰে আগবঢ়া ফটোখন উত্তৰ প্ৰদেশৰ নহয়, মহাৰাষ্ট্ৰহে।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬