সত্যতা নিৰূপণ: বাঘে মহিলা এগৰাকীক আক্ৰমণ কৰাৰ AI ৰ দ্বাৰা সম্পাদিত ভিডিও এটাকেই সত্য ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।

0 441

এগৰাকী মহিলাক বাঘ এটাই আক্ৰমণ কৰা ভিডিও এটা সামাজিক মাদ্যমত ভাইৰেল হৈছে। এই ভিডিওটো সত্য ঘটনাৰ বুলিও দাবী কৰা হৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এইটো AIৰ দ্ৱাৰা সম্পাদিত বুলি প্ৰতিপন্ন হয়।

ভিডিওটো সুক্ষ্মভাবে চোৱাত তাত এটা ৱাটাৰ মাৰ্ক দেখা গল, যত @powerwildanimals শীৰ্ষক ইনষ্টাগ্ৰাম পেজ এটাৰ নাম লিখা আছে। আমি আালদৰে অনুসন্ধান কৰিলো আৰু ভিডিোটো  ১৭ জুন ২০২৫ত আপলোড কৰা বুলি জানিব পাৰিলো। উল্লেখ্য যে এই পেজটো AIৰ দ্বাৰা সম্পাদিত ভিডিও প্ৰচাৰৰ বাবে জনাজাত। ইয়াত  CGI ৰ সৈতে সামঞ্জস্য থকা ভিডিওবোৰ প্ৰচাৰ কৰা হয় যদিও প্ৰকৃত অৰণ্যৰ ভিডিও প্ৰচাৰ কৰা নহয়।

 

View this post on Instagram

 

A post shared by Powerwildanimal (@powerwildanimals)


অধিক অনুসন্ধান কৰি আমি ভিডিওটো Cantilux নামৰ AI নিৰ্ণায়ক সজুলিৰে পৰীক্ষা কৰাত ভিডিওটো কৃত্ৰিমভাৱে সম্পাদিত বুলি জানবলৈ পোৱা গল।

শেষত কব পাৰি যে বাঘে মহিলা এগৰাকীক আক্ৰমণ কৰা ভিডিওটো সত্য নহয়।  এইটো অৰণ্যৰ সম্পাদিত ভিডিও প্ৰচাৰৰ পেজ এটাৰ পৰা লোৱা আৰু AI ৰ দ্বাৰা সম্পাদিত ভিডিওহে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799