সত্যতা নিৰূপণ: বাংলাদেশৰ বান সাহাৰ্যৰ ভিডিওকেই গুজৰাটৰ বান পৰিস্থিতিৰ সৈতে সাঙুৰি দিয়া হৈছে

0 108

গুজৰাটত শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা ভয়াবহ বানৰ মাজতেই বানাক্ৰান্তসকলক উদ্ধাৰ কৰি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিোটোৰ জৰিয়তে গুজৰাটৰ ভয়াবহ বানৰ বিষয়ে ক’ব বিচৰা হৈছে।

ফেচবুক ব্যৱহাৰ কৰা  এজনে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে : “গুজৰাটৰ বান পীড়িতসকলৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে মুছলমান ভাই, কাৰণ চামছাসকলে কেৱল মুখ চলাবলৈহে জানে। হিন্দু-মুছলমান কৰিব জানে। তেওঁলোকৰ মনত এনেদৰে সহাৰ্য কৰাৰ কথা নাহে|| #BreakingNews #shahrukhkhan #sidhumoosewala #sidhumoosewalanewsong” (তলত চাওক)

ওপৰৰ পোষ্ট. (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইলৰ  দলে  বাংলাদেশৰ  ফেচবুক ব্যৱহাৰকাৰী মহম্মদ ফাহাদ মণ্ডলে ২০২৪ৰ ২৫ আগষ্টৰ এটা পোষ্ট দেখা পালে। পোষ্টটোত দিয়া ভিডিওটোত মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে বানাক্ৰান্তসকলক সহায় কৰি থকা দেখা গৈচে।

আৰু অধিক অনুসন্ধান কৰাত আমি বাংলাদেশৰ ইছলামিক সংগঠন আহে হাদিথ সংস্থাই ২০২৪ ২৫ আগষ্টত  ইউ টিউব চেনেলত প্ৰচাৰ কৰা এটা ভিডিও দেখা পালো। তাৰ বিৱৰণিত লিখা আছে  মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে বানাক্ৰান্তসকলক সাহাৰ্য কৰাৰ কথা।

একেটা ভিডিও একেখিনি বিৱৰণি দি কেইবাটাও  ইউ টিউব  চেনেলে প্ৰচাৰ কৰা দেখা পালো।   

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো গুজৰাটৰ নহয়, বাংলাদেশৰহে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799