ভাৰত চৰকাৰে পুৰণি ভাৰতীয় মুদ্ৰা আৰু নোটবোৰৰ গুণ-মানৰ ওপৰত ভিত্তি ক্ৰয় কৰিবলৈ আঁচনি আৰম্ভ কৰা বুলি প্ৰচাৰ কৰা এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।
ভিডিঅ’টো আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাক্যৰে — “আজিৰ ৰাতি ১২ বজাৰ পৰা,” তাৰ পিছত এজন নিউজ এংকৰে কৈছে যে পুৰণি নোট বা মুদ্ৰা বিক্ৰী কৰি মানুহে “মাত্ৰ কেইছেকেণ্ডত কোটিপতি হ’ব পাৰে।”
আঁচনিখনতত উল্লেখ আছে —
“আজিৰ ৰাতি ১২ বজাৰ পৰা, যদি আপুনি দেশজুৰি পুৰণি মুদ্ৰা বা নোট সংগ্ৰহ কৰিবলৈ শৌখিন, তেন্তে আপোনাৰ বাবে এটা সু-খবৰ আছে। এই পুৰণি মুদ্ৰাসমূহ বিক্ৰী কৰি আপুনি মাত্ৰ কেইছেকেণ্ডত লাখপতি হ’ব পাৰে। হয়, আপুনি এটা টকা মুদ্ৰা বিক্ৰী কৰিয়েই লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে। মহাশয়, হয়, এই মুদ্ৰাৰ দাম কোটিৰ ওপৰত।”।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
মূল শব্দ ব্যৱহাৰ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাৰ পিছত এনে ধৰণৰ আঁচনি সম্পৰ্কে চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) বা বিত্ত মন্ত্ৰালয়ৰ পৰা কোনো বিশ্বাসযোগ্য সংবাদ বা চৰকাৰী ঘোষণা লাভ কৰা নগ’ল।
তদুপৰি, ২০২১ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা স্পষ্টীকৰণত পুৰণি মুদ্ৰা বা নোট কিনা বা বিক্ৰী সন্দৰ্ভত কোনো আঁচনি ঘোষণা কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছিল।

এনেদৰেই প্ৰমাণ হয় যে ভাইৰেল ভিডিওটো বিভ্ৰান্তিকৰ। চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-এ পুৰণি ভাৰতীয় মুদ্ৰা অধিক টকাৰ বিনিময়ত ক্ৰয় কৰিবলৈ কোনো আঁচনি আৰম্ভ কৰা নাই।

