সত্যতা নিৰূপণ : পিতকৃয়ে পুত্ৰৰ মৃতদেহ বাইকত লৈ যোৱা ২০২২ চনৰ ভিডিও এটা মিছাকৈ তিৰুপতিৰ পদপিষ্টৰ ঘটনাৰ সৈতে সাঙোৰা হৈছে

0 260

এজন লোকে নিজ পুত্ৰৰ মৃতদেহ মটৰ চাইকেলেৰে কঢ়িয়াই লৈ ফুৰা এটা হৃদয় বিদাৰক ভিডিঅ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এয়া  শেহতীয়াকৈ তিৰুপতিত সংঘটিত পদপিষ্টৰ ঘটনাৰ পাছৰ দৃশ্য বুলি দাবী কৰা হৈছে। সামাজিক মাধ্যমত দিয়া পোষ্ট অনুসৰি এই ঘটনাত শিশুটিৰ মৃত্যু হয়, আৰু এম্বুলেন্স আহিব নোৱাৰাৰ বাবে পিতৃয়ে নিজেই মৃতদেহটো কঢ়িয়াই নিবলৈ বাধ্য হয়।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো উলিয়াই আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো।  এই অনুসন্ধানত আমি  ২৬ এপ্ৰিল ২০২২ত টাইম অৱ ইণ্ডিয়াৰ এটা বাতৰি দেখা পালো।  বাতৰিত প্ৰকাশ পোৱা মতে এই ঘটনাটো ২০২২ৰ, ২০২৫ৰ নহয়।  বাতৰিটোৰ মতে এটি ১০ বছৰীয়া শিশু বৃক্ক আৰু যকৃতৰ তীব্ৰ সমস্যাৰ বাবে তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুইয়া চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল   দুৰ্ভাগ্যজনকভাৱে শিশুটিয়ে চিকিৎসাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰিছিল।  

ডেকান হেৰাল্ড কাকততো একেই তাৰিখত প্ৰকাশিত এক প্ৰতিবেদনে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল।  তাত উল্লেখ আছিল  যে শিশুটিৰ মৃত্যুৰ পিছত শোকত ভাগি পৰা পিতৃয়ে চৰকাৰী এম্বুলেঞ্চ এখৰ বাবে অপেক্ষা কৰিছিল যদিও এম্বুলেঞ্চ নহাত এখন ব্যক্তিগত এম্বুলেঞ্চৰ চালকে তেওঁক মৃতদেহটো কঢ়িওৱাৰ বাবদ ১০ হাজাৰ টকা বিচাৰিছিল বুলিও প্ৰকাশ কৰে। কিন্তু আমৰ বাগানত কাম কৰা লোকজনে এই টকা দিবলৈ অসমৰ্থ হোৱাৰ বাবে অবশেষত নিজৰেই মটৰচাইকেলত পুত্ৰৰ মৃতদেহটো লৈ গৈছিল।

INN চেনেল নামৰ এটা ইউটিউব চেনেলতো এই ভিডিওটো দেখা গৈছে। ভিডিওটো ২০২২ৰ ২৬ এপ্ৰিল ত আপলোড কৰিছিল, ইয়াৰ দৃশ্যাৱলীও ভাইৰেল ভিডিওটোৰ সৈতে মিলে।

এই সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে ২০২৫ চনৰ ৯ জানুৱাৰীত এক আনুষ্ঠানিক বিবৃতি দি নিশ্চিত কৰে যে ভাইৰেল ভিডিওটো তিৰুপতীৰ শেহতীয়া পদপিষ্টৰ ঘটনাৰ সৈতে জড়িত নহয়। ভাইৰেল ভিডিও পুৰণি আৰু মিছা তথ্যৰে প্ৰচাৰ কৰা বুলিও আৰক্ষীয়ে স্পষ্ট কৰে।

এনেদৰেই স্পষ্ট হয় যে ভাইৰেল ভিডিঅটো  তিৰুপতিৰ শেহতীয়া ঘটনাৰ সৈতে জড়িত নহয়।  ২০২২ চনৰ এটা ঘটনাৰ ভিডিওকেই মিছাকৈ প্ৰচাৰ কৰা হৈছে।