সত্যতা নিৰূপণ: নৱজাতক সন্তানৰ সৈতে কেএল ৰাহুলৰ এই ফটোখন AIৰ দ্বাৰা নিৰ্মীত, বিভ্ৰান্ত নহ’ব।

0 271

এই সপ্তাহতে ক্ৰিকেটাৰ কেএল ৰাহুল আৰু আতিয়া ছেট্টী এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰব অৰ্জন কৰিছে। সামাজিক মাধ্যমত এই শুভবাৰ্তা প্ৰচাৰৰ সময়ত নবজাতকৰ ককাক সুনীল ছেট্টীৰ সৈতে কেএল ৰাহুলক দেখা গৈছে।

এই সকলোবোৰৰ মাজতে নবজাতকক কোচত লৈ কে এল ৰাহুলৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

কেএল ৰাহুলৰ অনুৰাগী এজনে ফটোখন ফেচবুকত শ্বেয়াৰ কৰি লিখিছে: ভাৰতীয় ক্ৰিকেটাৰ কেএল ৰাহুল আৰু বলিউডৰ অভিনেত্ৰী আতিয়া ছেট্টীয়ে এটি কন্যাসন্তান লাভ কৰিছে।  অভিনন্দন ! এই পোষ্টটোবে ১১ হাজাৰ লাইক লাভ কৰিছে।  

মুম্বাই ইণ্ডিয়ানছক ভালপোৱা আন এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে : কেএল ৰাহুল আৰু আতিয়া ছেট্টীক ভগবানে এটি কন্যাসন্তান দান কৰিছে।  

 আৰু কেইটামান পোষ্ট ইয়াত আৰু  ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই ফতো এআইৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত পৰীক্ষা কৰাত তেনে কোনো তথ্য লাভ নকৰিলো। ৰাহুল অথবা আতিয়া, অথবা সুনীল ছেট্টীৰ কোনেও সামাজিক মাধ্যমত এই ফটোবোৰ সন্দৰ্ভত একো কথাই উল্লেখ কৰা নাই।

ভালদৰে লক্ষ্য কৰাত ফটোখনৰ এপৰ ভাগৰ সোঁফালে ৱাটাৰমাৰ্কসহ ‘Grok’ বুলি লিখা  পালো।

ফটোখন AI চিহ্নিত কৰা সজুলি  Hive Moderation আৰু Decopy জৰিয়তে পৰীক্ষা কৰাত ফটোখন যে AIৰ জৰিয়তে নিৰ্মাণ কৰা সেয়া স্পষ্ট হয়।

  

শেষত ক্ৰিকেটাৰ কেএ ৰাহুল আৰু আতিয়া ছেট্টিৰ নৱজাতক সন্তানৰ সৈতে তোলা বুলি দাবী কৰা ফটোখন যে AIৰ দ্বাৰা নিৰ্মীত সেয়া স্পষ্ট হয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799