সত্যতা নিৰূপণ: নীতা আম্বানীয়ে হৰমনপ্ৰীত কৌৰক বুগাটি উপহাৰ দিয়া বুলি দাবী কৰা এই ছবিখন দেখি বিভ্ৰান্ত নহব

0 178

মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৰোমাঞ্চকৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ জয়ী হোৱাৰ পাছত সামাজিক মাধ্যমত এখন ফটো বহুলভাবে প্ৰচাৰ হৈছে। য’ত দাবী কৰা হৈছে যে দানী তথা ব্যৱসায়ী নীতা আম্বানীয়ে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰক এখন বুগাটী উপহাৰ দিছিল।

নাতা আম্বানী ফেন ক্লাবৰ  এটা ফেচবুক পোষ্টত প্ৰকাশ কৰা হৈছে যে নীতা আম্বানীয়ে TATA WPL Trophy 2025 জয় কৰাৰ পিছত হৰমনপ্ৰীত কৌৰক এখন বুগাটি উপহাৰ দিছে। এই সন্দৰ্ভত প্ৰচাৰ কৰা পোষ্টটো 32K লাইকৰ লাভ কৰাৰ লগতে ভাইৰেল হৈছে।    

 India News HD  এটা ইনষ্টাগ্ৰাম  পোষ্টতো একেই ফটো শ্বেয়াৰ কৰা হৈছে। তাৰ বিৱৰণিত লিখিছে : টাটা ডব্লিউ পি এল ট্ৰফী ২০২৫ জয় কৰাৰ পিছত হৰমনপ্ৰীত কৌৰক এখন বুগাটী উপহাৰ দিলে নীতা আম্বানীয়ে।

আন এটা ফেচবুক পোষ্টতো একেখন ফটোসহ কেপচন পোষ্ট কৰিছেঃ সেই পোষ্টটো আপুনি ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই ফতো এআইৰ দ্বাৰা নিৰ্মীত বুলি প্ৰতিপন্ন কৰে।

ছবিখন ভালদৰে নিৰীক্ষণ কৰাত নিউজ মোবাইলে  ফটোখনত নীতা আম্বানীৰ ফটোৰ কেইবাটাও বিসংগতি দেখা পালে। তাৰ ভিতৰত নীতা আম্বানীৰ অতিৰিক্ত আঙুলি আৰু দুপাতকৈ গাড়ীৰ চাবি দেখা গৈছে।

লগতে ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছতি দিয়াত ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে কোনো ধৰণৰ বাতৰি বা তথ্য লাভ নকৰিলো। নীতা আম্বানী অথবা হৰমনপ্ৰীত কৌৰৰ সামাজিক মধ্যমৰ একাউণ্টতো তেনে কোনো পোষ্ট দেখা নগল।

ইয়াৰোপৰি, Sightengine আৰু  Hive Moderationৰ দৰে AI নিৰ্ণায়ক সজুলি   ব্যৱহাৰ কৰি ফচোখন পৰীক্ষা কৰাত ফটোখন ডিজিটেল মাধ্যমেৰে সম্পাদিত কৰা বুলি স্পষ্ট কৰে।

 

সামৰণিত আমি ক’ব পাৰি যে ডব্লিউ পি এল ২০২৫ জয়ৰ পিছত নীতা আম্বানীয়ে হৰমনপ্ৰীত কৌৰক বুগাটী উপহাৰ দিয়া ভাইৰেল ছবিবোৰ ডিজিটেলভাৱে সৃষ্টি কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799